দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী দুগৰাকী ইন্দিৰা গান্ধী (Indira Gandhi) আৰু ৰাজীৱ গান্ধীক (Rajib Gandhi) ৰাজনৈতিক মতাদৰ্শৰ বাবে হত্যা কৰা হোৱা নাছিল আৰু তেওঁলোক শ্বহীদ নহয়। তেওঁলোকৰ মৃত্যু আছিল কেৱল এক দুৰ্ঘটনা! উত্তৰাখণ্ডৰ মন্ত্ৰী গণেশ যোশীয়ে (Ganesh Joshi) মঙলবাৰে এনে মন্তব্য কৰে। গণেশ উত্তৰাখণ্ডৰ (Uttarakhand) কৃষি, কৃষক কল্যাণ, গ্ৰামোন্নয়ন আৰু সেনা কল্যাণ মন্ত্ৰী।
গণেশৰ ভাষাত, “ৰাহুল গান্ধীৰ বুদ্ধিমত্তাৰ বাবে মোৰ দুখ লাগে। শ্বহীদ হোৱাটো গান্ধী পৰিয়ালৰ একচেটিয়া অধিকাৰ নহয়। দেশবাসীয়ে ভগত সিং, সাৱৰকাৰ আৰু চন্দ্ৰশেখৰ আজাদক স্বাধীনতা সংগ্ৰামৰ বাবে শ্বহীদ হোৱা দেখিবলৈ পায়। গান্ধী পৰিয়ালৰ সদস্যসকলৰ লগত যিটো হʼল সেয়া আছিল এক দুৰ্ঘটনা। শ্বহীদ হোৱা আৰু দুৰ্ঘটনাৰ মাজত পাৰ্থক্য আছে।” কংগ্ৰেছ (Congress) ৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ ( Bharat Jodo Yatra) অন্ত পৰাৰ কথা কওঁতে গণেশে এই মন্তব্য আগবঢ়ায়।
ৰাহুলৰ কথা উল্লেখ কৰি তেওঁ আৰু কয়, “এজন মানুহে যিমান বুদ্ধিমত্তা আছে সিমান কথা কোৱা উচিত। যিসকলৰ বুদ্ধিমত্তা কম তেওঁলোকে বেছি কথা কʼব নালাগে।”
গণেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতিত্ব দিয়ে যে ৰাহুলে ভাৰত জোড়ো যাত্ৰা সুকলমে সম্পূৰ্ণ কৰিবলৈ সক্ষম হʼল। তেওঁ কয়, “ইয়াৰ কৃতিত্ব প্ৰধানমন্ত্ৰীলৈ যায়। তেওঁৰ নেতৃত্বত কাশ্মীৰত (Kashmir) ৩৭০ অনুচ্ছেদ বাতিল নকৰা হʼলে আৰু জম্মু-কাশ্মীৰলৈ স্বাভাৱিক জীৱন ঘূৰি নহা হʼলে ৰাহুল গান্ধীয়ে লালচʼকত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নোৱাৰিলেহেঁতেন।”
কাশ্মীৰত ভাৰত জোড়ো যাত্ৰাৰ শেষত আইতাক ইন্দিৰা আৰু পিতৃ ৰাজীৱৰ হত্যাক লৈ শোক প্ৰকাশ কৰি ৰাহুলে কয়, “মোদী (Modi) , অমিত শ্বাহ (Amit Shah), বিজেপি, আৰএছএছৰ দৰে হিংসাক সহ্য কৰাসকলে মোৰ যন্ত্ৰণা বুজি নাপাব। এই যন্ত্ৰণা এজন সেনা জোৱানৰ পৰিয়ালেহে বুজিব, পুলৱামাত নিহত চি আৰ পি এফ জোৱানৰ পৰিয়াল, কাশ্মীৰৰ ৰাইজে বুজিব।”
উত্তৰাখণ্ডৰ মন্ত্ৰী গণেশে সেই প্ৰেক্ষাপটতে গান্ধী পৰিয়ালক লৈ এই মন্তব্য কৰে।