কাৰবি আংলং (Karbi Anglong) স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ (Tuliram Ronghang) বিশেষ উদ্যোগত ২৬টা পৰিষদীয় সমষ্টিৰ অতি অনুন্নত আৰু দুৰ্গম অঞ্চলসমূহত উন্নয়ণমূলক আঁচনি ৰূপায়ণ আৰু জনতাৰে সম্পৰ্ক অভিযানক ৰাজনীতিকৰণ কৰাৰ লগতে ধৰ্মান্তকৰণ (Politicisation as well as conversion) কৰাৰো অভিযোগ উত্থাপন কৰিছে আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচি (APHLC)য়ে ৷ দলটোৰ মুখপাত্ৰ আংতং ইংতি কাথাৰে জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলত এই অভিযোগ উত্থাপন কৰে৷
কাথাৰে অভিযোগ কৰি কয় যে, এনে জনসম্পৰ্কী আঁচনিসমূহ সম্পূৰ্ণ চৰকাৰীভাৱে গ্ৰহণ কৰা হৈছে যদিও ইয়াৰ জৰিয়তে বিজেপি দলে ৰাজনীতিকৰণ কৰা পৰিলক্ষিত হৈছে ৷ এনে আঁচনিৰ জৰিয়তে এপিএইছএলচি দলৰ শীৰ্ষ নেতা জে আই কাথাৰক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও তেওঁ অভিযোগ কৰে৷
বিশেষকৈ সাংসদ হৰেণছিং বেয়ে মত-বিনিময় অনুষ্ঠানসমূহত জেআই কাথাৰ ধৰ্মনিৰপেক্ষ নহয়, আৰু ৰাজহুৱাভাৱে সাম্প্ৰদায়িক বুলি অভিযোগ কৰিছে ৷ ফলত এয়া ৰাইজৰ মতবিনিময় অনুষ্ঠান নহয় বৰঞ্চ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আখৰা বুলিহে অভিযোগ কৰে কাথাৰে৷
এপিএইছএলচি দলক ধৰ্মনিৰপেক্ষ বুলি দাবী কৰি কাথাৰে কয় যে, তেওঁলোকে জনজাতি সকলৰ সুৰক্ষাৰ স্বাৰ্থতহে ৰাজনীতি কৰিছে ধৰ্মক ভিত্তি কৰি নহয় ৷ বিজেপি দলেহে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা বুলি অভিযোগ কৰি যে, বিগত বৰ্ষত ডিফুত অনুষ্ঠিত এক জনজাতি সন্মিলনত জিলাখনৰ খ্ৰীষ্ঠান ধৰ্ম গ্ৰহণ কৰা লোকসকলৰ জনজাতীয় মৰ্যাদা কৰ্তন কৰাৰ লগতে ভোটাধিকাৰ কৰ্তন কৰাৰো দাবী উত্থাপন কৰিছিল আয়োজক বিজেপিৰ ভাতৃ সংগঠনে ৷
এইক্ষেত্ৰত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছিল বুলিও অভিযোগ কৰিছে ৷ মত বিনিময় সভাসমূহ যদি বিজেপিৰ নেতৃত্বত অনুষ্ঠিত কৰিছে তেনেহলে আমাৰ কব লগা একো নাই বুলি জানিবলৈ দি পৰিষদৰ অধীনত যদি মতবিনিময় সভাসমূহ চৰকাৰীভাবে অনুস্থিত কৰা হৈছে। তেনেহলে এই ক্ষেত্ৰত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণ কৰাৰ ক্ষেত্ৰতএপিএইছএলচি দলৰ তীব্ৰ আপত্তি আছে বুলিও যুক্তি দৰ্শায় সংবাদমেলত।