
লংকাৰ (Lanka) লস্কৰ পথাৰ ৰোড, মণিপুৰীবস্তি (Manipuribasti) অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)।থিতাতে নিহত লংকা জুনিয়ৰ কলেজৰ ছাত্ৰী (Student) সংগীতা চৰকাৰ (Sangeta Sarkar)।

কলেজৰ পৰা স্কুটি (Scotty)ৰে ঘৰলৈ উভতা পথত ট্ৰেক্টৰ (Tractor)ৰ সৈতে মুখামুখী সংঘৰ্ষত থিতাতে নিহত সংগীতা চৰকাৰ নামৰ কলেজীয় ছাত্ৰীগৰাকী।
লংকা জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল সংগীতা। বয়স ১৭ বছৰ।ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত।