লংকাত (Lanka) ৰাইজে ড্ৰাগছসহ (Drugs) আটক কৰে দুগৰাকী ড্ৰাগছ সেৱনকাৰীক।লংকা ৪নং ৱাৰ্ডত ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে ৰাইজে আটক কৰি ছমজাই দিয়ে লংকা আৰক্ষীক।

যুৱকদুজন ক্ৰমে শিবা সাহা( ১৬)আৰু দিবেস দাস (১৭) বুলি চিনাক্ত কৰা হৈছে।আটকাধীন যুৱককেইজনৰ পৰা চাৰিটাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ উদ্বাৰ কৰে আৰক্ষীয়ে।
ড্ৰাগছসেৱনকাৰী যুৱককেইজনে হোজাইৰ জৈনক বৌডি নামৰ মহিলা এগৰাকীৰ পৰা ক্ৰয় কৰিছিল ড্ৰাগছখিনি।ইতিমধ্যে লংকা আৰক্ষীয়ে ড্ৰাগছখিনি ছমজি লৈ তদন্ত আৰম্ভ কৰিছে ।