অৰুণাচল প্ৰদেশত (Arunachal Pradesh) আছাম ৰাইফলচৰ (Assam Rifles) অভিযান। চাংলাং জিলাৰ নাম্পংত উগ্ৰপন্থীৰ বিৰুদ্ধে চলা অভিযানত আছাম ৰাইফ’লচৰ জোৱানে শেহতীয়াকৈ দুটাকৈ অগ্নিয়াষ্ট্ৰ সহ দুজন NSCN (K-YA) ৰ সক্ৰিয় সদস্যক আটক কৰে।

আটকাধীন সদস্য দুজন ক্ৰমে গঙ্গৱাং ৱাংলী (৩৭) আৰু নয়ন কুমাৰ চাকমাৰ পৰা আছাম ৰাইফ’লচৰ জোৱানে এটা চাইনিজ AK ৰাইফল, ২টা মেগাজিন, AK ৰাইফলৰ ৪৯০ ৰাউণ্ড সজীৱ গুলি, এটা পিষ্টল, ৱাকি টকি আৰু বহু পৰিমাণৰ বৈদ্যুতিক তাঁৰ উদ্ধাৰ কৰে। ইতিমধ্যে উক্ত দুই উগ্ৰপন্থী সদস্যক নাম্পং আৰক্ষীক গতাই দিয়ে জোৱান সকলে।