সৰস্বতী পূজাৰ দিনটোতেই সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই (Road accident ) জোকাৰি গৈছে ৰাজ্যক। ধুবুৰীৰ পৰা গৌৰীপুৰলৈ উভতাৰ সময়ত এএছ ১৭ জে/ ৫২২৪ নম্বৰৰ চাৰিচকীয়া আৰ্টিগা বাহনেৰে অহা ৭ জনীয়া এটি দল দুৰ্ঘটনাত পতিত হয়।
চাৰিচকীয়া বাহনখন অকষ্মাতে নিয়ন্ত্ৰণ হেৰুৱাই ধুবুৰী আৰু গৌৰীপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মদৰেগোলা নামৰ অঞ্চল এটাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পাৰ্কিং কৰা অৱস্থাত থকা দুখনকৈ মটৰ চাইকেলক প্ৰথমে খুন্দা মাৰি আগত ৰৈ থকা এখন ট্ৰাকৰ পিছপিনে গৈ খুন্দা মাৰে।
দুৰ্ঘটনাত পতিত হোৱা ৭ গৰাকীক ক্ৰমে নিৰ্মালী ৰায়, শিৱাংগী ৰায়, বিয়া সাহা, জেনিফাৰ ইয়াচমিন, ৰিয়াত হুছেইন, জাহিদূল ইছলাম আৰু মইদূল হ’কক অঞ্চলটোৰ স্থানীয় ৰাইজে ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসাললৈ নিয়া পথত ধুবুৰী জিলাৰ পাগলাহাটৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নিৰ্মালী চৌধুৰী আৰু গৌৰীপুৰৰ ২ নং ৱাৰ্ডৰ নৱম শ্ৰেণীৰ ছাত্ৰী শিৱাংগী ৰয়ৰ মৃত্যু হয়।
উল্লেখ্য যে, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজৰ ৩ গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে। সেই মৰ্মে অভিভাৱকে তেওঁলোকৰ দুগৰাকীক গুৱাহাটীলৈ নিয়াৰ বিপৰীতে মইদুল হ’কক চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰৰ মিছন হস্পিতাললৈ নিয়া হয়। কিন্তু দূৰ্ভাগ্যজনক ভাৱে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মাটিয়াবোগৰ নিবাসী মইদুল হকৰ।এই দুৰ্ঘটনাটোৱে শেগতীয়াকৈ ধুবুৰী জিলাখনত এক শোকৰ ছাঁ পেলাইছে।