‘পাঠান’ Pathan আৰু বিতৰ্ক যেন সমাৰ্থক। তাৰ মাজতে মুক্তিৰ প্ৰথম দিনাই ছবিগৃহত তীব্ৰ ভিৰ কৰা দেখা গৈছে। যিটোৱে স্বাভাৱিকতে ইংগিত দিয়ে যে অনুৰাগীয়ে বিতৰ্কৰ প্ৰতি একেবাৰেই গুৰুত্ব দিয়া নাই। আনহাতে, মুক্তিৰ প্ৰাকক্ষণতো হিন্দুত্ববাদীসকলে ‘পাঠান’ বৰ্জনৰ আহ্বানত ব্যস্ত।
আহমেদাবাদৰ Ahmedabad পিছত অসম Assam, এতিয়া বিহাৰ Bihar। মঙলবাৰে সন্ধিয়া ভাগলপুৰৰ এটা ছবিগৃহত বজৰং দল Bajrang আৰু এবিভিপি ABVP ৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। চিনেমা হলৰ বাহিৰত ‘পাঠান’ ৰ পোষ্টাৰ ফালি জ্বলাই প্ৰতিবাদ আৰম্ভ কৰে।
একাংশ সদস্যৰ মতে, যদি ছবিখন চিনেমা হলত প্ৰদৰ্শিত হয় তেন্তে কোনো ধৰণে সহ্য কৰা নহʼব। যদি ছবিখন প্ৰদৰ্শিত হয় তেন্তে চিনেমা হলটো জ্বলি ছাই হৈ পৰিব। সমগ্ৰ দেশতে ছবিখন বৰ্জন কৰিব লাগে। পৰম্পৰাগত ধৰ্মক অপমান কৰা ছবিখন কোনো কাৰণতে মানি লʼব নোৱাৰি। ঘটনাৰ পিছতে চিনেমা হলৰ মালিকে আৰক্ষীক এজাহাৰ দাখিল কৰে।