প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) ভাৰতক স্বাৱলম্বী কৰি তুলিবলৈ বাৰ্তা (Message to make India self-reliant) দিছে। বাৰ্তা অনুসৰি, এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত (Republic Day Parade) দেশত নিৰ্মিত সকলো অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন (Display of all weapons made in the country) কৰা হ’ব। ভাৰতীয় সেনাই এইকথা জনাইছে।
ইমান দিনে ২১ বাৰৰ টোপধ্বনিত (২১ বন্দুকৰ চেলুট) পূৰ্বতে ব্যৱহাৰ কৰা হৈছিল অতীতৰ ২৫ পাউণ্ডৰ বন্দুক। এইবাৰ সেই বন্দুকৰ সলনি ‘১০৫ মিমি ইণ্ডিয়ান ফিল্ড গান’ (105mm Indian Field Gun) ব্যৱহাৰ কৰা হ’ব।
মেজৰ জেনেৰেল ভৱনীশ কুমাৰে কয় যে এই সিদ্ধান্ত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লক্ষ্যত উপনীত হ’বলৈ লোৱা হৈছে। সংবাদ সংস্থা এএনআইৰ আগত তেওঁ কয়, “এই বছৰ গণৰাজ্য দিৱসত সকলো থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। ১০৫ মিমি ভাৰতীয় ফিল্ড গানৰ পৰা ২১ ৰাউণ্ড গুলীচালনা কৰা হ’ব।
” যোৱা বছৰ স্বাধীনতা দিৱসত এই থলুৱা বন্দুক ব্যৱহাৰ কৰা হৈছিল। গণৰাজ্য দিৱসত প্ৰথমবাৰৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হ’ব।২৬ জানুৱাৰীত দিল্লীৰ কৰ্তব্য পথত (পূৰ্বতে ৰাজপথ নামেৰে জনাজাত) গণৰাজ্য দিৱসৰ অনুষ্ঠানত পৰিবেশন কৰিব সম্পূৰ্ণ ভাৰতত নিৰ্মিত হেলিকপ্টাৰ ‘প্ৰচণ্ড’। ইয়াৰ উপৰি ‘এল এইচ ধ্ৰুৱ’ আৰু ‘এল এইচ ৰুদ্ৰ’ হেলিকপ্টাৰো দেখা যাব।
ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাট্টাহ এল চিচিয়ে এইবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব।উল্লেখ্য, যোৱা বছৰ নিযুক্তি প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হোৱা অগ্নিবীৰসকলে এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি বি এছ এফৰ ‘উট’ বাহিনীৰ মহিলা জোৱানেও অংশগ্ৰহণ কৰিব।
১৪৪ জন নৌসেনাৰ জোৱানে ‘মহিলা শক্তি’ৰ প্ৰতীক হিচাপে এই পেৰেডত অংশগ্ৰহণ কৰিব । যাৰ নেতৃত্ব দিব মহিলা বিষয়াই ।প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এইবাৰ মুঠ ২৩ টা প্ৰতীক পদ প্ৰদৰ্শন কৰা হ’ব । ইয়াৰে ১৭ টা বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ। বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ ৬ টা ।