বুধবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা (Election Commission of India announced) কৰে উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্য (3 states) নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা বিধানসভাৰ (Nagaland, Meghalaya and Tripura Legislative Assemblies) নিৰ্বাচনৰ দিন (Election date) । নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰে তিনি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ তাৰিখ ।
সেই অনুসৰি অহা 16 ফেব্ৰুৱাৰী 16 February)ত অনুষ্ঠিত হ’ব ত্ৰিপুৰা বিধানসভাৰ (Tripura Legislative Assembly) নিৰ্বাচন ৷ আনহাতে, নাগালেণ্ড আৰু মেঘালয় বিধানসভাৰ (Nagaland and Meghalaya Legislative Assemblies) নিৰ্বাচন অনুষ্ঠিত হ’ব অহা 27 ফেব্ৰুৱাৰীত (27 February) ৷ লগতে তিনিওখন ৰাজ্যৰ ভোট গণনাৰ দিনো ঘোষণা কৰা হৈছে । অহা 2 মাৰ্চত নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ৷
উল্লেখ্য নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে আজিৰে পৰা ৰাজ্যকেইখনত বলৱৎ হৈছে নিৰ্বাচনী আচৰণবিধি ৷ ইয়াৰ উপৰি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 30 জানুৱাৰী ৷ আনহাতে, মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 7 ফেব্ৰুৱাৰী ৷