ASSAM TIMES POST
নগাঁও : পৰিভ্রমী অতিথি পক্ষীৰ আগমনত উৎফুল্লিত হৈ পৰিছে নগাঁও চহৰৰ প্ৰকৃতিপ্ৰেমী। চহৰখনৰ মাজমজিয়াত অৱস্থিত নগাঁও মহাবিদ্যালয়ৰ চৌহদত থকা প্ৰায় এক হেক্টৰ বৰ্গৰ জলাশয়টোলৈ শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পৰিভ্ৰমী পখীৰ আগমন ঘটিছে । প্ৰতিবছৰেই শীতকালি নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসৰ কাষতে থকা পুখুৰীটোত পৰিভ্ৰমী চৰাইৰ বিচৰণৰ এই মনোৰম দৃশ্যৰাজিয়ে সকলোকে মুগ্ধ কৰে আৰু এই দৃশ্য উপভোগ কৰিবলৈ আগমন ঘটে বহু পৰ্য্যটকৰ। পৰিভ্ৰমী চৰাইৰ প্ৰিয় বহু উদ্ভিদ ৰোপনৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত আৰু নগাঁও মাণ্ডলিক বন সংমণ্ডলৰ সহযোগত পক্ষীকূলৰ সুৰক্ষাৰ বাবে লৈ আহিছে বহু পদক্ষেপ। এইবেলিও নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকী,প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ললিত গগৈ আৰু অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখাৰ সম্পাদক ড০ ভূৱন চন্দ্ৰ চুতীয়াৰ উদ্যোগত পৰিভ্ৰমী পক্ষীৰ পৰ্য্যবেক্ষণ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নগাঁও বন সংমণ্ডলৰ বিষয়া ৰাজেন চৌধুৰীৰ লগতে পক্ষী সংৰক্ষণৰ বাবে খ্যাতি লাভ কৰা ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপ শইকীয়াই অংশগ্ৰহণ কৰি মহাবিদ্যালয় খনৰ এই পদক্ষেপক প্ৰশংসা কৰে। এই সজাগতা মূলক অনুষ্ঠানত জলাশয়টোৰ চৌপাশৰ প্ৰতিবেশিক লৈ গঠন কৰা Peoples’ Committee for conservation of Migratory birds in Nowgong College campus ৰ সভাপতি ইনামূল মাজিদ, মহাবিদ্যালয়ৰ কেইবাগৰাকী ও অধ্যপক – অধ্যপিকা আৰু শতাধিক ছাত্ৰ ছাত্ৰী যে অংশগ্ৰহণ কৰে । উল্লেখ্য যে পক্ষীকূলৰ সংৰক্ষণৰ বাবে ইয়াৰ পূৰ্বে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে শব্দ প্ৰদূষণ বন্ধৰ আহ্বানৰে দীপাৱলীত মানৱ-শৃংখলৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল।













