আইচিআইচিআই বেংকৰ (ICICI Bank) প্ৰাক্তন চিইঅ’ চন্দা কোছাৰ (Former CEO Chanda Kochhar) আৰু তেওঁৰ স্বামী দীপক কোছাৰক আইন অনুসৰি গ্ৰেপ্তাৰ কৰা হোৱা নাছিল! শুনানিৰ সময়ত এই তথ্য দিয়ে মুম্বাই উচ্চ ন্যায়ালয়ে (Mumbai High Court )। সেয়ে উচ্চ ন্যায়ালয়ে দম্পতীহালক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।
তেওঁলোকৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত যুক্তি দিছিল যে চন্দা আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰাটো দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত অবৈধ। চন্দা আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিবলৈ যি আইনী অনুমোদন লাগিছিল চিবিআইয়ে নাপালে। তেন্তে কিয় গ্ৰেপ্তাৰ কৰা হʼল দম্পতীহালক? দম্পতীহালৰ অধিবক্তায়ো আদালতত সেই প্ৰশ্ন উত্থাপন কৰে।
আইচিআইচিআই বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে থকা সময়ছোৱাত চন্দাই নিয়ম ভংগ কৰি ভিডিওকন গ্ৰুপক ৩০০০ কোটি টকাৰ ঋণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চিবিআইয়ে ২৩ ডিচেম্বৰত উক্ত অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰে।
চন্দা, ভিডিওকন গ্ৰুপৰ অধ্যক্ষ ভেনুগোপাল ধূট, ভিডিওকন ইণ্টাৰনেচনেল ইলেক্ট্ৰনিকছ লিমিটেড আৰু ভিডিওকন ইণ্ডাষ্ট্ৰীজ লিমিটেড আৰু ভিডিওকন ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ দ্বাৰা পৰিচালিত চুপ্ৰিম এনাৰ্জী, নিউপাৱাৰ ৰিনিউৱেবলছ (এন আৰ এল) আৰু চন্দাৰ স্বামী দীপকৰ নাম আৰ্থিক দুৰ্নীতিৰ এফ আই আৰত অন্তৰ্ভুক্ত কৰা হৈছে।
‘বেংকিং ৰেগুলেচন এক্ট’ সন্দৰ্ভত আৰ বি আইৰ গাইডলাইন উলংঘা কৰি আইচিআইচিআই বেংকে ভিডিওকন গ্ৰুপ কোম্পানীসমূহক মুঠ ৩,২৫০ কোটি ঋণ অনুমোদন জনোৱাৰ অভিযোগ চিবিআইয়ে কৰিছিল। চিবিআইয়ে আৰু অভিযোগ কৰে যে এই ঋণ বিশেষ ব্যৱস্থাৰ অংশ। চিবিআইৰ তথ্য অনুসৰি, ভেনুগোপালে ভিডিওকন গ্ৰুপক ঋণ অনুমোদন কৰিবলৈ ২০১০ চনৰ পৰা ২০১২ চনৰ ভিতৰত দীপকৰ কোম্পানীত ৬৪ কোটি টকা বিনিয়োগ কৰিবলৈ সন্মত হৈছিল। আৰ্থিক দুৰ্নীতিৰ তদন্ত কৰি যোৱা ২৩ ডিচেম্বৰত চিবিআইৰ বিষয়াসকলে চন্দা আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰিছিল। সেই গোচৰত সোমবাৰে মুম্বাই উচ্চ ন্যায়ালয়ে কোছাৰ দম্পতীহালক মুক্তিৰ নিৰ্দেশ দিয়ে।