আজি তৃতীয় পৰ্যায়ত সমগ্ৰ দেশৰ ৯৪ টা লোকসভা সমষ্টিত (Loksabha Election) ভোটগ্ৰহণ চলি আছে। ইয়াৰ ভিতৰত আছে ১১ খন ৰাজ্য আৰু ১ খন কেন্দ্ৰীয় শাসিত অঞ্চল। দেশৰ প্ৰায় ১১ কোটি মানুহে মঙলবাৰে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিব। অসমৰ চাৰিটা সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে।
নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ ২৫ টা লোকসভা সমষ্টিত ভোটদান চলি আছে।কৰ্ণাটকৰো ১৪ টা লোকসভা সমষ্টিত ভোটদান চলি আছে। মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ্য প্ৰদেশত ৯টা, ছত্তীশগড়ত ৭টা, বিহাৰত পাঁচটা, পশ্চিমবংগত চাৰিটা আৰু গোৱাত দুটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ উপৰি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰ আৰু নগৰ হাভেলি আৰু দমন আৰু দিউৰ দুটা সমষ্টিতো ভোট গ্ৰহণ চলি আছে।
আজি ভাগ্য নিৰ্ণয় হ’বলগা হেভিৱেট প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম হৈছে বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। তেওঁৰ গান্ধীনগৰ লোকসভা সমষ্টিত আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দ্বিতীয়বাৰৰ বাবে এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।
গান্ধীনগৰ লোকসভা আসনত অমিত শ্বাহৰ প্ৰধান প্ৰতিদ্বন্দী হৈছে কংগ্ৰেছৰ চোনল পেটেল। ১৯৮৯ চনৰ পৰা এই সমষ্টিটোত বিজেপি প্ৰাৰ্থীসকল অপৰাজিত হৈ আছে। ২০১৯ ৰ নিৰ্বাচনত অমিত শ্বাহে কংগ্ৰেছৰ চি জে চাৱদাক ৫.৫ লাখতকৈও অধিক ভোটত পৰাজিত কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইবাৰো একেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।
আজি নিৰ্বাচনত অৱতীৰ্ণ হোৱা আন হেভিৱেট প্ৰাৰ্থীসকলৰ ভিতৰত জ্যোতিৰাদিত্য সিন্ধিয়াও আছে। বিজেপি প্ৰাৰ্থীজন হৈছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী। জ্যোতিৰাদিত্য সিন্ধিয়াই গুণা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰ উপৰি মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা শিৱৰাজ সিং চৌহানে বিদিশা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদে ধাৰৱাৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।
ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনচুখ মাণ্ডৱিয়াই পোৰবন্দৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। বিজেপি প্ৰাৰ্থীজন দক্ষিণ গোৱাৰ উদ্যোগপতি পল্লৱী ডেম্পোৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী ডিম্পল যাদৱ হৈছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী। মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বিজয় সিঙে ৰাজগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে।
আজি ভাগ্য পৰীক্ষা হ’বলগা আন হেভিৱেট প্ৰাৰ্থীসকলৰ ভিতৰত আছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (শৰদ পাৱাৰ গোট) সুপ্ৰিয়া চুলে, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) অজিত পাৱাৰ আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সুনেত্ৰা পাৱাৰ। সুনেত্ৰা পাৱাৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পত্নী।