আজি পুৱা ৭ বজাৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ (Loksabha Election)। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে। ইয়াৰ ভিতৰত গান্ধীনগৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই সমষ্টিৰ ভোটাৰ। পুৱাতে ভোটদান কৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে।
গান্ধীনগৰৰ নিজৰ বুথত উপস্থিত হৈ ভোটদানত অংশগ্ৰহণ কৰে তেওঁ। আনহাতে, নৰেন্দ্ৰ মোডীৰ সৈতে ভোটদান কৰিবলৈ যায় গৃহমন্ত্ৰী অমিত শ্বাহ।
#WATCH | Prime Minister Narendra Modi casts his vote for #LokSabhaElections2024 at Nishan Higher Secondary School in Ahmedabad, Gujarat pic.twitter.com/i057pygTkJ
— ANI (@ANI) May 7, 2024
নিশান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৰেন্দ্ৰ মোডীৰ ভোটগ্ৰহণ কেন্দ্ৰ। প্ৰধানমন্ত্ৰীয়ে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ভোটগ্ৰহণ কৰ্মীসকলক প্ৰণাম কৰি বুথৰ পৰা ওলাই আহে।