প্ৰাক্তন কংগ্ৰেছ Ex Congress বিধায়কৰ MLA নাতিক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ। আৰক্ষীৰ সূত্ৰ অনুসৰি, পুৰণি শত্ৰুতাৰ বাবে ৩৫ বছৰীয়া যুৱকজনক ৭-৮ জন লোকে তীব্ৰ প্ৰহাৰ কৰে। তীব্ৰ প্ৰহাৰৰ ফলত মৃত্যু হয় যুৱকজনৰ।
উত্তৰ প্ৰদেশৰ Uttar Pradesh মৌ জিলাৰ কোপাগঞ্জ থানাৰ মহৌৰ গাঁৱত সংঘটিত হয় এই ঘটনা। মৃত লোকজনৰ নাম হিমাংশু সিং। এসময়ত তেওঁৰ ককা কেদাৰ সিং সেই অঞ্চলৰ বিধায়ক আছিল। আৰক্ষীৰ তথ্য অনুসৰি, যোৱা শনিবাৰে নিশা প্ৰায় ১০ বজাত হিমাংশুক গাঁৱৰ পথত ৭ৰ পৰা আঠজন লোকে গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল। তাৰ পৰাই অৰ্ধমৃত অৱস্থাত এৰি গুচি যায় অভিযুক্ত। পিছত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।
মৌৰ এ এছ পি ত্ৰিভুবন নাথ ত্ৰিপাঠীয়ে কয় যে এই ঘটনাত এফ আই আৰ দাখিল কৰা হৈছে। সেই অনুসৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। হিমাংশুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
আৰক্ষীয়ে লগতে জনাইছে যে হিমাংশুৰ ককাক কেদাৰ ১৯৮০ চনত কংগ্ৰেছৰ টিকটত বিধায়ক নিৰ্বাচিত হৈছিল। শনিবাৰে নিশা হিমাংশু চুবুৰীয়া গাঁৱৰ পঞ্চায়তলৈ যায়। তাত এদল মানুহে তেওঁৰ লগত তৰ্ক কৰে। তৰ্কা-তৰ্কি ক্ৰমান্বয়ে কাজিয়ালৈ পৰিণত হয়। অভিযুক্তই যুৱকজনক লাঠিৰে তীব্ৰ প্ৰহাৰ কৰে। ইয়াৰ পিছত অৰ্ধমৃত অৱস্থাত ৰাস্তাত এৰি থৈ যায়।
কিছু সময় হিমাংশু চতফটাই থাকে। পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসাৰ সময়ত যুৱকজনৰ মৃত্যু হয়। আৰক্ষীৰ মতে, অভিযুক্তৰ হিমাংশুৰ সৈতে পুৰণি শত্ৰুতা আছিল। সেই কথাই শনিবাৰে নিশা আলোচনা কৰা হৈছিল। কোনে এই কাম কৰিলে, ঠিক কিহৰ পৰা কাজিয়া আৰম্ভ হʼল, আৰক্ষীয়ে তদন্ত কৰি আছে।