শাহুৱেক আৰু নিজ কন্যাক হত্যাৰ চেষ্টা (Attempt to kill mother-in-law and their daughter) চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ (Arrested on charges) কৰা হৈছিল এজন যুৱকক। অৱশেষত এই ঘটনাৰ ৬ বছৰৰ পাছত শাস্তি লাভ কৰে অভিযুক্তই। আদালতে তেওঁক কঠোৰ শাস্তি প্ৰদান কৰে।তেলেংগানাৰ ইব্ৰাহিমপট্টনম গাঁৱত (In Ibrahimpatnam village of Telangana) সংঘটিত হৈছে এই ঘটনা।
অভিযুক্তৰ নাম ডি মহেন্দ্ৰ, বয়স ৩৪ বছৰ। ২০১৭ চনৰ ১৯ জানুৱাৰীত স্থানীয় থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। অভিযোগ আছিল যে তেওঁ একমাত্ৰ কন্যা আৰু শাহুৱেকক হত্যা কৰিবলৈ চেষ্টা কৰিছিল।ইব্ৰাহিমপট্টনম থানাত এই এজাহাৰ দাখিল কৰিছিল অভিযুক্তৰ পত্নী ডি অনুৰাধাই।
তেওঁ কয় যে ২০১৪ চনত তেওঁলোকৰ বিয়া হৈছিল। কিন্তু বিয়াৰ পিছৰে পৰা মহেন্দ্ৰই তেওঁক টকাৰ বাবে হেঁচা দিছিল, অত্যাচাৰ কৰি আছিল। ইয়াৰ পূৰ্বে তেওঁ ঘৰুৱা হিংসাৰ অভিযোগ লৈ থানালৈ গৈছিল। অত্যাচাৰ সহ্য কৰিব নোৱাৰি অনুৰাধাই জীয়েকক লৈ দেউতাকৰ ঘৰলৈ গুচি যায়।
অভিযোগ অনুসৰি, ২০১৭ চনৰ ১৯ জানুৱাৰীত মহেন্দ্ৰই জোৰকৈ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰে। সেই সময়ত তেওঁৰ শাহুৱেক কালাৱতী আৰু শিশুকন্যা ঘৰতে আছিল। অভিযোগ অনুসৰি, মহেন্দ্ৰই শাহুৱেকক ব্লেডেৰে আক্ৰমণ কৰে। ডিঙি আৰু পেটৰ ওপৰেৰে ব্লেড চলাই দিয়ে। লগতে ছোৱালীজনীক মাৰিবলৈ যায়।
কিন্তু শাহুৱেকৰ চিঞৰ শুনি চুবুৰীয়া দৌৰি অহাত অভিযুক্তই পলাবলৈ বাধ্য হয়।পিছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উক্ত ঘটনাৰ ৬ বছৰৰ পাছত মহেন্দ্ৰক স্থানীয় আদালতত শাস্তি প্ৰদান কৰা হয়। ন্যায়াধীশে তেওঁক ৭ বছৰৰ কাৰাদণ্ড বিহে।