এগৰাকী ১৩ বছৰীয়া ছাত্ৰীৰ প্ৰেমত (Love with a 13-year-old student) পৰিল ৪৭ বছৰীয়া শিক্ষক (47-year-old teacher)। শিক্ষকজনে অষ্টম শ্ৰেণীৰ ছাত্ৰীলৈ এখন প্ৰেমপত্ৰ (love letter to a class VIII student) লিখিলে। উত্তৰ প্ৰদেশৰ কনৌজ (Kannauj in Uttar Pradesh) অঞ্চলত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ছাত্ৰীগৰাকীৰ পিতৃয়ে শিক্ষকজনৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰে। শনিবাৰে পোহৰলৈ আহে এই ঘটনা।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শিক্ষকজনে এপৃষ্ঠাৰ চিঠিত ছাত্ৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। প্ৰেম পত্ৰত ছাৰে ছাত্ৰীগৰাকীৰ নাম লিখি দিয়ে। ইয়াৰ পিছত তেওঁ লিখে যে ছাত্ৰীগৰাকীয়ে স্কুল বন্ধৰ আগতে তেওঁক লগ কৰিব লাগে। যদি তেওঁ সঁচাকৈয়ে তেওঁক ভালপায়, তেন্তে তেওঁক লগ পাব লাগিব। চিঠিখনত শিক্ষকজনে এই কথা লিখিছে। তদুপৰি ছাত্ৰীগৰাকীয়ে চিঠিখন পঢ়ি ফালি পেলোৱাৰ কথাও উল্লেখ কৰিছে।
ছাত্ৰীগৰাকীয়ে পিতৃ-মাতৃক শিক্ষকৰ পৰা চিঠিখন পোৱাৰ কথা কয়। ইয়াৰ পিছত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে শিক্ষকজনৰ সৈতে যোগাযোগ কৰে। এই কাৰ্যৰ বাবে তেওঁলোকে শিক্ষকজনক ক্ষমা খুজিবলৈ কয়। কিন্তু ক্ষমা বিচৰাৰ পৰিৱৰ্তে শিক্ষকজনে তেওঁলোকৰ ছোৱালীজনীক নিৰুদ্দেশ কৰাৰ ভাবুকি দিয়াৰ অভিযোগ পিতৃ-মাতৃৰ।
ইয়াৰ পিছতে শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰীৰ পৰিয়ালে থানাৰ কাষ চাপে। শিক্ষকগৰাকীৰ বিৰুদ্ধে নিৰ্যাতনৰ এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষী অধীক্ষক কনোৱাৰ অনুপম সিঙে এই অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। জিলা শিক্ষা বিষয়া কৌস্তৱ সিঙে কয়, “এটা দল গঠন কৰা হৈছে। প্ৰতিবেদন নিৰীক্ষণ কৰা হৈছে। শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হʼব।” অৱশ্যে এই প্ৰতিবেদন লিখাৰ সময়লৈকে শিক্ষকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।