ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

‘উন্নয়নৰ বাবে এটা পষেক’ৰ প্ৰথমটো পৰ্যায়ত ৰাজ্যৰ ১১খন জিলাত ১৫ হাজাৰ কোটিৰ উন্নয়নমূলক আঁচনি

নিউজ ডেস্কঃ

News Desk by News Desk
January 6, 2023
Reading Time: 1 min read
A A
0
ধেমাজিত এহেজাৰ কোটিৰো অধিক ব্যয়ৰ প্ৰকল্পৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ:

RELATED POSTS

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

অসমৰ আন্তঃগাঁথনি উন্নয়নৰ (Infrastructure development in Assam) লক্ষ্যৰে যোৱা ৫ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই (Dr. Himanta Biswa Sarma) এক বিশেষ পদক্ষেপৰ শুভ উদ্বোধন কৰে৷ ৰাজ্যৰ ১১ খন জিলাত ১৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে বিভিন্ন উন্নয়নমূলক আঁচনি আৰু প্ৰকল্পৰ শিলান্যাসেৰে (foundation of the scheme and the project) এই পদক্ষেপৰ প্ৰথমটো পৰ্যায়ৰ সামৰণি পৰে ২৪ ডিচেম্বৰত৷

মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ নেতৃত্বত যোৱা ৩০ নৱেম্বৰত শিলচৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

CM1 1 | ASSAM TIMES POST

মুখ্যমন্ত্ৰীয়ে ৫ ডিচেম্বৰত বঙাইগাঁও জিলাত (Bongaigaon District) ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে৷ অনুষ্ঠানত তেওঁ এখন আদৰ্শ চিকিৎসালয় উদ্বোধন কৰাৰ লগতে ৬৯৩.২৯ কোটি টকা ব্যয়সাপেক্ষে এখন নতুন চিকিৎসা মহাবিদ্যালয়, সংহত উপায়ুক্তৰ কাৰ্যালয় আৰু কনভেনচন চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ লগতে বঙাইগাঁও পলিটেকনিক মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰো পৰিকল্পনা হাতত লোৱা হৈছে৷ প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত জিলাসমূহত প্ৰায় একেধৰণৰ বহুকেইটা পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

কাৰ্যসূচীৰ দ্বিতীয়দিনা নলবাৰী জিলাত ৬৭৮.৪৩ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও পথ মেৰামতি আৰু নিৰ্মাণৰ লগতে সৌন্দৰ্যবৰ্ধন আৰু ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস কৰা হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নলবাৰী উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয় আৰু এটা তাৰকাগৃহৰ শুভ উদ্বোধনো অনুষ্ঠানটিৰ উল্লেখ্য দিশ আছিল৷ ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত তামুলপুৰ, মৰিগাঁও, গোলাঘাট, বিশ্বনাথ, মাজুলী, যোৰহাট, লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়কে ধৰি ১১খন জিলাক সামৰি লোৱা হৈছে৷

322586694 855659378986676 2710862281858453325 n | ASSAM TIMES POST

প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে সৰ্বাধিক বিনিয়োগ কৰা জিলা হিচাপে পৰিগণিত হোৱা গোলাঘাটত ১৪টা উন্নয়নমূলক প্ৰকল্পত ১৫০০ কোটি টকা বিনিয়োগ কৰিব৷ ‘বিকাশৰ বাবে এটা পষেক ’ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ কাম দুবছৰত সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰে৷ তেওঁ কয় যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত এই স্থান ৰাজ্যৰ অন্যতম পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ’ব৷

২৪ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ টিংখাঙত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ সামৰণি পৰে৷ অনুষ্ঠানত ৯৭৩.৩৮ কোটি টকা ব্যয়সাপেক্ষে জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ঘোষণা কৰা হয়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Development Schemesউন্নয়নমূলক আঁচনি
Share5Tweet3Send

Related Posts

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
57
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
51
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

by News Desk
September 19, 2026
52
Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ
Assam

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

by News Desk
September 19, 2026
55
শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ
Assam

শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ

by News Desk
September 19, 2026
56
যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা
Assam

যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা

by News Desk
September 19, 2026
53
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d