ASSAM TIMES POST
নগাঁও : বিশিষ্ট নাট্যকাৰ-পৰিচালক অজিত বৰঠাকুৰৰ পূৰ্ণাংগ নাট্য সংকলন ‘অপ্ৰতিৰোধ্য’ (প্ৰথম আৰু দ্বিতীয় খণ্ড) আৰু একাংক নাট্য সংকলন ‘অনিশদীপ’ কালি নিশা উন্মোচন কৰা হয়।তদুপলক্ষে নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ‘অপ্ৰতিৰোধ্য’ উন্মোচন কৰে বিশিষ্ট চলচিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকাই আৰু ‘অনিশদীপ’ উন্মোচন কৰে আনগৰাকী বিশিষ্ট চিত্ৰ পৰিচালক অৰূপ মান্নাই।
অনুষ্ঠানটোত গ্ৰন্থ দুখন উন্মোচন কৰি দুয়োগৰাকী চিত্ৰ পৰিচালকে বিশিষ্ট নাট্যকাৰ-পৰিচালক অজিত বৰঠাকুৰৰ নাট্য কৃতিৰ বিষয়ে বাখ্যা কৰে।উল্লেখ্য , গ্ৰন্থ দুখন ‘সৃষ্টি’ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াই। অনুষ্ঠানত অংশগ্ৰহন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ নাট্য পৰিবেশৰ সম্পৰ্কে বাখ্যা কৰি নগাঁৱত এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণহৈ থকাৰ বিষয়ে অৱগত কৰে।
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ ডা: দিলীপ বৰুৱাও উপস্থিত থাকে।অনুষ্ঠানটো আঁত ধৰে নয়ণজ্যোতি বৰাই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পিচতেই খগেন মহন্ত সোঁৱৰণী প্ৰেক্ষাগৃহত নাট্যকাৰ-পৰিচালক অজিত বৰঠাকুৰ ৰচিত-পৰিচালিত নাটক ‘বিবেক বিক্ৰী কেন্দ্ৰ’ মঞ্চস্থ কৰা হয়।অসমৰ সাম্প্ৰতিক পৰিস্থিতি,ৰাজনৈতিক নেতাৰ কুটিল ষড়যন্ত্ৰ,তথাকথিত সংগ্ৰামী নেতাৰ ৰাজনৈতিক নেতাৰ লগত গোপন মিতিৰালি,নীতিহীন সাংবাদিক আদিৰ লগতে ৰাজপথত সংগ্ৰাম কৰি জীৱন বিসৰ্জন দিয়া প্ৰকৃত সংগ্ৰামীৰ মৃত্যু আদিক পটভূমি হিচাপে লৈ ৰচিত নাটকখন উপভোগ কৰে সহস্ৰাধিক নাট্য অনুৰাগী লোকে।













