নগাঁও চহৰৰ সমীপৱৰ্তী সোণাইঘাটত (Sonaighat near Nagaon town) নগাঁও-ধিং গড়কাপ্তানি পথৰ দাঁতিতস্থিত সোনাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ বেদখলীকৃত ভূমিত (Encroached land of Sonaighat Higher Secondary School) আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায় (administration conducts eviction drives)। উল্লেখ্য যে বিদ্যালয়খনৰ খেলপথাৰৰ লগতে চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ ভূমি বে-দখল কৰি জমিয়তৰ (Jamiat illegally occupying public works department land) এজন নেতাৰ পৃষ্ঠপোষকতাত জমিয়তৰ এটা কাৰ্যালয় নিৰ্মাণৰ নামত কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্য চলি আছিল। আজি নগাঁও সদৰ চক্ৰ বিষয়াৰ লগতে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকৰ উপস্থিতিত বিদ্যালয়খনৰ খেলপথাৰৰ ভূমিত উচ্ছেদ অভিযান চলোৱা হয়।
ইপিনে এটা স্বেচ্ছাসেৱী সংগঠনৰে জড়িত জিলাখনৰ জমিয়ত উলেমাৰ নেতাজনে জমিয়তৰ কাৰ্যালয় নিৰ্মাণৰ নামত ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰা বুলি সোনাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ একাধিক শিক্ষক আৰু স্থানীয় লোকে অভিযোগ উত্থাপন কৰে।
জানিব পৰা মতে সোনাইঘাট উচ্চ মাধ্যমিক বিদ্যালয় সমিতিৰ তৰফৰ পৰা সদৰ ৰাজহ চক্ৰ বিষয়াক বিদ্যালয়খনৰ ভূমি বে-দখল কৰা বুলি অভিযোগ দাখিল কৰাৰ পাচত আজি প্ৰশাসনে উক্ত স্থানত উচ্ছেদ অভিযান চলায়।
উল্লেখ্য যে বিদ্যালয়খনৰ খেলপথাৰৰ উপৰি অসম চৰকাৰৰ লোক নিৰ্মান বিভাগৰ কিছু ভূমিও বেদখলকাৰীৰ কৱলত আছে। বেদখলকাৰীৰ কৱলত থকা উক্ত চৰকাৰী ভূমিত প্ৰশাসনে শীঘ্ৰে উচ্ছেদ অভিযান চলাব বুলি জানিব পৰা গৈছে।