
মঙলবাৰে স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ (Sonam Raghubanshi Murder) অভিযোগত অভিযুক্ত সোণম ৰঘুবংশীয়ে জামিন লাভ (Get bail) কৰে। কিন্তু এই জামিনত অসন্তুষ্ট ৰাজাৰ পৰিয়াল। তেওঁলোকে জামিনক লৈ প্ৰশ্ন উত্থাপন কৰে। ৰাজাৰ মাতৃ উমা ৰঘুবংশীয়ে সংবাদ সংস্থা এএনআইক কয়, “আমি চিবিআইৰ তদন্ত (CBI investigation) বিচাৰো। যি অপৰাধ সংঘটিত হৈছে তাৰ তদন্তত চিবিআইৰ প্ৰয়োজন।” ইয়াৰ পিছত তেওঁ প্ৰশ্ন উত্থাপন কৰে যে সোণমে জামিন কেনেকৈ পালে? ইমান ডাঙৰ অপৰাধ সংঘটিত কৰাৰ পিছতো কিয় মুকলি কৰি দিয়া হ’ল তাক লৈও ক্ষোভ প্ৰকাশ কৰে ৰাজাৰ মাতৃয়ে।
ৰাজাৰ মাতৃয়ে সোণমক মুকলি কৰি দিয়াত আশংকা প্ৰকাশ কৰে। যদি বাকী অভিযুক্ত ৰাজ কুশৱাহা (সোণমৰ প্ৰেমিক), বিশাল, আকাশকো মুকলি কৰি দিয়া হয়, তেন্তে তেওঁলোকে ৰঘুবংশী পৰিয়ালৰ সদস্যক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিব পাৰে। তেওঁলোককো হত্যা কৰিব পাৰে বুলি ভয় প্ৰকাশ কৰে ৰাজাৰ মাতৃয়ে। ইয়াৰ পিছতে পুনৰ চিবিআইৰ তদন্তৰ দাবী উত্থাপন কৰে তেওঁ।

ইফালে ভগ্নীয়ে জামিন পালেও সোণমৰ ভাতৃ গোবিন্দই তেওঁক ঘৰলৈ নিবলৈ অনিচ্ছুক। তেওঁ কয়, “শুনিছোঁ যে সোণমে জামিন পাইছে। আমি সোণমৰ কোনো উকীলৰ ব্যৱস্থা কৰা নাই। চৰকাৰী অধিবক্তাই যি বিচাৰে তাকে কৰি আছে। কেতিয়া মুক্তি পাব নাজানো। ক’লৈ যাব বা শ্বিলঙত থাকিব নে নাই নাজানো, একো নাজানো।”
গোবিন্দই দাবী কৰে যে কিছু নথি-পত্ৰৰ বাবে তেওঁ জে’লত সোণমক লগ কৰিবলৈ যাবলগীয়া হৈছিল। এই বিষয়ে তেওঁ ৰাজাৰ ভাতৃকো অৱগত কৰে। ইয়াৰ পিছত সোণমৰ ভাতৃয়ে কয়, “মই মোৰ ভগ্নীক কোনো ধৰণে সহযোগ নকৰো। ঘৰত তেওঁক ঠাই দিয়াৰ কোনো প্ৰশ্নই নাই। যদিও আদালতে তেওঁক জামিন মঞ্জুৰ কৰাৰ সিদ্ধান্ত লৈছে, এই সন্দৰ্ভত মই কোনো মন্তব্য নকৰো। যদি মোৰ মা-দেউতাই সোণমক ঘৰলৈ অনাৰ কথা ভাবে তেন্তে মই ঘৰৰ পৰা ওলাই যাম।” অৱশ্যে গোবিন্দই লগতে কয় যে ৰাজাৰ পৰিয়ালে এই নিৰ্দেশক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব লাগে।











