
বুধবাৰে মীৰাটত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘গংগা এক্সপ্ৰেছৱে’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi)। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত এই প্ৰকল্পটো উদ্বোধন কৰে। অনাগত দিনত উত্তৰ ভাৰতীয় অৰ্থনীতিৰ মূল ধমনী হিচাপে পৰিগণিত হ’ব এই নতুন প্ৰকল্প।

প্ৰায় ৩৬,২৩০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই এক্সপ্ৰেছৱে উত্তৰ প্ৰদেশৰ আটাইতকৈ দীঘল আৰু দেশৰ অন্যতম বৃহৎ পথ প্ৰকল্প। এই পথটো মীৰাটৰ পৰা প্ৰয়াগৰাজলৈ মুঠ ১২ খন জিলাৰ মাজেৰে গৈছে। ফলত মীৰাটৰ পৰা প্ৰয়াগৰাজলৈ যাবলৈ আৰু ১০-১২ ঘণ্টা সময় নষ্ট নহ’ব, মাত্ৰ ৬ৰ পৰা ৮ ঘণ্টা সময় লাগিব।
আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত মূল ‘ঔদ্যোগিক কৰিড’ৰ’ এতিয়া গংগা এক্সপ্ৰেছৱে। ইয়াৰ ব্যতিক্ৰম নহয় গংগা এক্সপ্ৰেছৱে। চৰকাৰৰ পৰিকল্পনা অনুসৰি, এই পথৰ দুয়োকাষে ১২ খন ঔদ্যোগিক নগৰ নিৰ্মাণ কৰা হৈছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি, ইতিমধ্যে প্ৰায় ৪৭ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দাখিল কৰা হৈছে।
এই অঞ্চলটো কৃষিৰ পৰা আৰম্ভ কৰি গধুৰ উদ্যোগলৈকে সকলোৰে কেন্দ্ৰবিন্দু হৈ পৰিব। শ্বাহজাহানপুৰত পুনৰ নিৰ্মাণ কৰা হৈছে বিশেষ ৰাণৱে। জৰুৰীকালীন ভিত্তিত বায়ুসেনাৰ যুদ্ধবিমানো তাত অৱতৰণ কৰিব পাৰিব। সূত্ৰ মতে, এই এক্সপ্ৰেছৱে মুকলিৰ আটাইতকৈ ডাঙৰ লাভ হ’ব সামগ্ৰী পৰিবহণ। ৰাস্তা ভাল হ’লে, দূৰত্ব কম হ’লে ট্ৰাকৰ খৰচ স্বাভাৱিকতে কমি যাব।
ইয়াৰ দ্বাৰা সামগ্ৰী মজুত কৰাৰ খৰচ প্ৰায় ১৫-২০ শতাংশ হ্ৰাস পাব পাৰে বুলি বিশেষজ্ঞসকলৰ মতে। যাৰ প্ৰত্যক্ষ লাভ সাধাৰণ ক্ৰেতাৰ হ’ব। ২০২৬ চনৰ ভিতৰত যেতিয়া দেশৰ ই-কমাৰ্চ বজাৰ কেইবাগুণ বৃদ্ধি পাব, তেতিয়া এই এক্সপ্ৰেছৱে ব্যৱসায়ৰ চাবিকাঠি হৈ পৰিব।











