
মেঘালয়ৰ মধুচন্দ্ৰিকা হত্যাকাণ্ড (Meghalaya Murder)ৰ ‘মূল অভিযুক্ত’ সোণম ৰঘুবংশী (Sonam Raghubanshi)য়ে কেনেকৈ জামিন লাভ (Get bail) কৰিলে? মৃত ৰাজা ৰঘুবংশীৰ পৰিয়ালে প্ৰশ্ন উত্থাপন কৰিছে। আনকি সোণমৰ ভাতৃৰো একেই প্ৰশ্ন। অৱশ্যে জামিনৰ নথি-পত্ৰ চোৱাৰ পাছত বিভিন্ন সংবাদ মাধ্যমে এই গ্ৰেপ্তাৰৰ নথিত আৰক্ষীৰ সামান্য ‘প্ৰক্ৰিয়াগত ভুল’ বুলি প্ৰকাশ কৰিছে।
বহুতৰ মতে, সেইবাবেই সোণমৰ জামিন লাভৰ পথ প্ৰশস্ত হৈছে। কিন্ত ভুলটো কি আছিল? সোণমক গ্ৰেপ্তাৰ কৰাৰ সময়ত আৰক্ষীয়ে দিয়া গ্ৰেপ্তাৰী মেমোৰ এটা ধাৰাক লৈ এই বিভ্ৰান্তিৰ সৃষ্টি হৈছে। তাত ৪০৩ (১) ধাৰা সম্পৰ্কে লিখা হৈছিল। উল্লেখ্য যে উক্ত ধাৰাৰ কোনো অস্তিত্বই ভাৰতীয় ন্যায় সংহিতাত (বিএনএছ) নাই। ২০২৪ চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় দণ্ডবিধিৰ পৰিৱৰ্তে বিএনএছ প্ৰৱৰ্তন কৰে। উক্ত আইনত ৪০৩ (১) ধাৰাৰ কোনো উল্লেখ নাই। কিন্তু হত্যাকাণ্ডৰ গোচৰটোত ১০৩ (১) ধাৰা প্ৰযোজ্য যদিও তাত উক্ত ধাৰাৰ কোনো উল্লেখ নাই। হয়তো মেমো লিখা ব্যক্তিজনে ১০৩ (১)ৰ পৰিৱৰ্তে ৪০৩ (১) ধাৰা লিখিছিল বুলি অনুমান কৰা হৈছে। ভুলতে ১ হৈ পৰে ৪। আদালতে নিজৰ আদেশত এই অস্তিত্বহীন ধাৰাটোৰ কথাও উল্লেখ কৰিছে। ভাৰতীয় ন্যায় সংহিতাত ৪০৩ (১) ধাৰা নাছিল যদিও ভাৰতীয় দণ্ডবিধিত ৪০৩ নামৰ ধাৰা আছিল।

আৰক্ষীয়ে আদালতত যুক্তি দিছিল যে এয়া ‘পদ্ধতিগত ভুল’। অৱশ্যে উক্ত যুক্তি নাকচ কৰা হয়। আদালতে কয় যে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ সঠিক কাৰণ দেখুওৱা হোৱা নাই। গতিকে গ্ৰেপ্তাৰ আইনগতভাৱে গ্ৰহণযোগ্য নহয়। কেৱল সেয়াই নহয়, আদালতে জামিন প্ৰদানৰ সপক্ষে আন আন বিষয়ৰ কথা উল্লেখ কৰে।
আদালতে কয় যে গ্ৰেপ্তাৰৰ পিছত সোণমক প্ৰথমে গাজীপুৰ আদালতত হাজিৰ কৰা হৈছিল। সেই সময়ত তেওঁক এজন উকীলক লগ কৰিবলৈ দিয়া হৈছিল আৰু সেই সম্পৰ্কে কোনো নথি-পত্ৰ নাই। ইয়াৰ কাৰণে সোণমে আপত্তি কৰিব নোৱাৰিলে।
উল্লেখ্য যে স্বামী ৰাজাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সোণমক মঙলবাৰে চৰ্তসাপেক্ষ জামিন মঞ্জুৰ কৰিছে শ্বিলং আদালতে। ন্যায়াধীশগৰাকীয়ে কয় যে অনুমতি অবিহনে সোণম শ্বিলং এৰি যাব নোৱাৰিব। অৱশ্যে এই জামিনত সন্তুষ্ট নহয় ৰাজাৰ পৰিয়াল। ৰাজাৰ মাতৃ উমা ৰঘুবংশীয়ে সংবাদ সংস্থা এএনআইক কয়, “আমি চিবিআইৰ তদন্ত বিচাৰো। যি অপৰাধ সংঘটিত হৈছে তাৰ তদন্ত চিবিআইৰ প্ৰয়োজন।” ইফালে ভগ্নীয়ে জামিন পালেও সোণমক ঘৰলৈ আনিবলৈ অনিচ্ছুক হৈ পৰিছে সোণমৰ ভাতৃ গোবিন্দ। তেওঁ কয়, “শুনা পাইছোঁ যে সোণম জামিন পাইছে। আমি সোণমৰ কোনো উকীলৰ ব্যৱস্থা কৰা নাই। চৰকাৰী অধিবক্তাই যি বিচাৰে তাকে কৰি আছে।”











