ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত কোবাইকটা সত্ৰ পুণৰুদ্ধাৰ সমিতিৰ সংবাদমেল :: সত্ৰ পৰিচালনাত মুছলমান লোকেৰ সহযোগিতা

ASSAM TIMES POST by ASSAM TIMES POST
November 17, 2019
Reading Time: 1 min read
A A
0
নগাঁৱত কোবাইকটা সত্ৰ পুণৰুদ্ধাৰ সমিতিৰ সংবাদমেল :: সত্ৰ পৰিচালনাত মুছলমান লোকেৰ সহযোগিতা

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

নগাঁও : নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ কোবাইকটা সত্ৰ পৰিচালনাক লৈ বিগত কিছুদিন ধৰি চৰ্চা অব্যাহত থকাৰ সময়তে কোবাইকটা সত্ৰ পুণ: উদ্ধাৰ সমিতিৰ সমিতিৰ সভাপতি তথা জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ গোস্বামীয়ে আজি নগাঁও চহৰৰ আমোলাপট্টিস্থ জখলাবন্ধা সত্ৰৰ কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সংবাদ মেলত সত্ৰাধিকাৰ যুগল চন্দ্ৰ গোস্বামীয়ে কয় : নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কোবাইকটা সত্ৰৰ কাম কোনো বাধা বিঘিনি নোহোৱাকৈ নিস্বাৰ্থ ভাবে ২০১২ চনৰ পৰা আমি চলাই আছোঁ। ইয়াত চৰকাৰৰ কোনো সহায়- সাহাৰ্য নাই। সত্ৰখন চলাই নিয়াৰ ক্ষেত্ৰত স্থানীয় আন সম্প্ৰদায়ৰ লোকেও সহায়-সহযোগ কৰি আহিছে। সংবাদ মেলত তেওঁ আৰু কয় যে কোবাইকটা সত্ৰ হ’ল শ্ৰী শ্ৰী দামোদৰ দেৱৰ জন্মভিঠা।

এই কথা সত্ৰৰ নামত থকা মাটিৰ নথি পত্ৰত উল্লেখ থকাৰ লগতে ১৯২৫ চনত প্ৰকাশ পোৱা দামোদৰ দেৱৰ চৰিত পুথিতো স্পষ্ট ভাবে উল্লেখ আছে। কিন্তু ইয়াক লৈ একাংশই মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰে। আনহাতে ইয়াক দুৰ্ভাগ্যজনক আখ্যা দি তেওঁ আৰু কয় যে দামোদৰ দেৱৰ জন্মস্থান লৈ অযথা বিতৰ্কৰ সৃষ্টি কৰি আচলতে দামোদৰ দেৱক অপমান কৰি থকা হৈছে। তাহানিতে কোবাইকটা সত্ৰ এলেকাত ৫৪ বিঘা মাটি আছিল। কিন্তু ১৯৮৩ চনত উদ্ভৱ হোৱা সংঘৰ্ষ জৰ্জৰ পৰিস্থিতিৰ বাবে তাৰ পৰা হিন্দু অসমীয়া লোক সকলে মাটি বাৰি এৰি থৈ আন ঠাইলৈ গুচি যায়।

বৰ্তমান সত্ৰৰ নামত ২২ বিঘা মাটি আছে যদিও ইয়াৰে প্ৰায় ১০ বিঘা মাটি বেদখল হৈছে। ইতিমধ্যে স্থানীয় লোকৰ সহযোগত এই মাটি বেদখলমুক্ত কৰাৰ প্ৰয়াস কৰা হৈছে। আনহাতে সত্ৰখন দীৰ্ঘদিনৰে পৰিচালনা কৰাৰ ক্ষেত্ৰত মুছলিম সম্প্ৰদায়ৰ লোকে সহযোগিতা কৰি আহিছে বুলি উল্লেখ কৰি সত্ৰাধিকাৰ গোস্বামীয়ে লগতে কয় যে কোবাইকটা সত্ৰৰ চৌপাশে বৰ্তমান মাত্ৰ এটা চাৰিজনীয়া হিন্দু সম্প্ৰদায়ৰ পৰিয়াল আছে। ইয়াৰ বিপৰীতে চৌপাশে মুছলমান সম্প্ৰদায়ৰ লোকে বসতি কৰি আছে। এই মুছলমান সম্প্রদায়ৰ লোকসকলে সত্ৰখনৰ কল্যাণৰ কাৰণে চিন্তা কৰি অহা বুলি উল্লেখ কৰি সত্ৰাধিকাৰ গোস্বামীয়ে কয় : জালাল, ৰোস্তম ডাক্টৰ, পোৱালি হাজী আদিৰ দৰে লোক সকলে সহায় সহযোগ কৰি আহিছে।

ইপিনে একাংশই অভিযোগ কৰা মতে, আমি চৰকাৰৰ পৰা ধন লাভৰ আশাত সত্ৰখনৰ উন্নয়নৰ বাবে কাম কৰা নাই। চৰকাৰে ধন নিদিলেও সত্ৰখনৰ সামগ্ৰিক উন্নয়নৰ বাবে আমি কাম কৰি আছোঁ। ডেকা সত্ৰাধিকাৰ নিযুক্তিৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ উত্থাপিত অভিযোগৰ সত্যতা অস্বীকাৰ কৰি গোস্বামীয়ে কয় : “মই ব্যক্তিগত ভাবে পূৰ্ণ পৰ্যায়ৰ সত্ৰাধিকাৰ নিয়োগ কৰা নাই, বৰং কোবাইকটা সত্ৰৰ লগত দীৰ্ঘদিন ধৰি জড়িত থকা লোকৰ সহযোগত নিয়োগ কৰা হৈছে।” এই লৈ একাংশ লোকে অপপ্ৰচাৰ চলোৱাটো দুৰ্ভাগ্যজনক বুলিও তেওঁ মন্তব্য কৰে। সংবাদ মেলত কোবাইকটা সত্ৰ পুণৰউদ্ধাৰ সমিতিৰ মুখ্য সম্পাদক জেউতি হাজৰিকা, ডেকা সত্ৰাধিকাৰ গৌৰৱ মুকুল গোস্বামী আৰু বুঢ়া সত্ৰাধিকাৰ বাগিছ ভাগৱতী, মেধি ভদ্ৰকান্ত শইকীয়া উপস্থিত থাকে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
50
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে
National-International

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
50
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx