সময়ৰ বুকুত বাগৰিল আৰু এটা বছৰ। সময়ৰ বলুকাত খোজ পেলাই বিদায় ল’লে ২০২২ বৰ্ষই। নিশ্চিতভাৱে এই বছৰটোৰ সফলতা বিফলতাৰ হিচাপ সময়ৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰ’ব। অসমৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে বিগত বছৰটো আছিল অসমৰ সমাজ, সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি তথা সামগ্ৰিকভাৱে মিশ্ৰিত ফলাফলৰ এটা বছৰ।
বিগত বছৰটোত যেনেদৰে সাফল্যৰ বিভিন্ন ইতিহাস আছে, তেনেদৰে বিফলতাৰ বিষাদো আছে। এফালে যদি প্ৰাপ্তিৰ আনন্দ, আনফালে আকৌ হেৰুওৱাৰ বেদনা। মুঠতে চাবলৈ গ’লে পোৱা নোপোৱাৰ বোকোচাত উঠি আমি বাট বুলিব লাগিব নতুন বছৰটোত। এক নতুন প্ৰতিশ্ৰুতি, নতুন অংগীকাৰ আৰু এক নতুন পৰিকল্পনা বাস্তৱায়িত হোৱা বছৰৰ বাবে আমি আগবাঢ়িব লাগিব।
আমাৰ সন্মুখত প্ৰত্যাহ্বান বহুত। কিন্তু এই প্ৰত্যাহ্বানবোৰ নেওচি আমি এই নতুন বছৰটোত ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব। আমাৰ সম্পদ, সম্ভাৱনা, সমলবোৰক সঠিক পৰিকল্পনা আৰু বাস্তৱসন্মত কাৰ্য্যপন্থাৰে কাৰ্য ৰূপায়িত কৰাৰ বাবে অগ্ৰসৰ হ’ব লাগিব। আমাৰ প্ৰতিটো চিন্তা, ভাৱনা তথা পৰিকল্পনাৰ সঠিক ৰূপায়ণৰ বাবে এই বছৰটো হওক সকলোৰে বাবে এক উপযুক্ত বছৰ।
২০২৩ বছৰটো হওক মানৱতাৰ জয়গানৰ বছৰ। সকলো হিংসা, বিদ্বেষ আঁতৰাই আমি এই বছৰটোত এক নতুন সংকল্পৰে আগবাঢ়ি যোৱাৰ পণ লওঁ আহক। পৰিশেষত নতুন বছৰটো সকলোৰে বাবে এক প্ৰশান্তিময় বছৰ হওক, প্ৰাপ্তি আৰু সফলতাৰ শীৰ্ষত আৰোহণ হোৱাৰ এটা বছৰ হওক তাৰেই কামনা কৰিলোঁ। লগতে সুস্বাস্থ্যৰে সুস্থ চিন্তাৰে সমাজক নেতৃত্ব বহনৰ বাবে সকলো সমৰ্থ হওক তাৰেই কামনা কৰিলোঁ।