![]()
বৰদিন Christmas ৰ দিনা আমেৰিকা America ত প্ৰচণ্ড ঠাণ্ডাৰ প্ৰভাৱ পৰে। সমগ্ৰ দেশতে তুষাৰপাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি। দুৰ্যোগৰ সময়ত হাজাৰ হাজাৰ লোকে বিদ্যুৎবিহীন দিন কটায়। কেতিয়াবা ৮ ফুট, কেতিয়াবা ১০ ফুট ডাঠ বৰফৰ তৰপ ৰাস্তাত জমা হৈছে। বৰদিন বা বছৰৰ শেষৰ উৎসৱৰ মাজতে সমগ্ৰ আমেৰিকাত ম্লানতা নামি আহিছে।

আমেৰিকাৰ এই ভয়ংকৰ বৰফৰ ধুমুহাক ‘চাইক্লোন বোমা’ Cyclone Bomb বুলি কোৱা হয়। ফলত দেশৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা হিমাঙ্কৰ তলত ৪০ৰ পৰা ৪৫ ডিগ্ৰীলৈ হ্ৰাস পাইছে। ঠাণ্ডাত প্ৰায় জমা হৈ যোৱাৰ দৰে পৰিস্থিতি হৈছে। পথসমূহৰ অৱস্থা এনেকুৱা যে দুৰ্যোগ সঁহাৰি বাহিনীয়েও ভুক্তভোগীক উদ্ধাৰ কৰাত বাধাৰ সৃষ্টি কৰিছে।
বৰদিনৰ দিনা তুষাৰপাতৰ মাজতে নাগৰিকক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। সকলোকে যিমান পাৰি ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। একেবাৰে প্ৰয়োজনীয় নহʼলে কোনেও যাতে ৰাজপথলৈ ওলাই নাযায়। আমেৰিকাত একেৰাহে ৫ দিন ধৰি বৰফৰ ধুমুহা চলি আছে। তুষাৰপাতৰ উপৰি প্ৰবল ঠাণ্ডা বতাহে স্থানীয় ৰাইজক ক্ষতিগ্ৰস্ত কৰিছে।
যদিও এতিয়াৰ বাবে সেই বতাহৰ গতি অলপ কমিছে। এই দুৰ্যোগৰ বাবে আমেৰিকাত কমেও ২ লাখ লোকে বিদ্যুৎবিহীনভাৱে বৰদিন কটালে। বিদ্যুৎ সেৱা কেতিয়া স্বাভাৱিক হʼব সেয়া কোনেও নিশ্চিতভাৱে কʼব নোৱাৰে। কাৰণ বহু ক্ষেত্ৰত বিদ্যুতৰ খুঁটাবোৰ বৰফৰ স্তৰত ডুব গৈছে। দেশৰ যাতায়ত ব্যৱস্থাও ব্যাহত হৈছে।
ঠাণ্ডাৰ বাবে কʼলৰাডোত ৪ জন লোকৰ মৃত্যু, নিউয়ৰ্কত ১২ জন লোকৰ মৃত্যু। মুঠ ৯খন প্ৰদেশত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিভিন্ন ক্ষেত্ৰত প্ৰশাসনে জাৰি কৰিছে জৰুৰীকালীন অৱস্থা।










