ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
August 6, 2026
Reading Time: 1 min read
A A
0
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

আশ্ৰয় গ্ৰহণৰ পিছত ভাৰতত প্ৰথম সংবাদমেল (Prees Meet) অনুষ্ঠিত কৰে শ্বেখ হাছিনা (Sheikh Hasina)ই। ছাত্ৰ-জনসাধাৰণৰ আন্দোলনৰ বাবে দুবছৰ পূৰ্বে বাংলাদেশৰ পৰা ভাৰতলৈ তেওঁ পলায়ন কৰে। তেতিয়াৰে পৰাই হাছিনাই ভাৰতত অস্থায়ী আশ্ৰয় (Temporary shelter in India) লৈ আছে। অৱশ্যে এইবাৰ তেওঁ নিজৰ দেশলৈ উভতি যাব বিচাৰিছে। ডিচেম্বৰ মাহত (In December) নিজৰ দেশলৈ উভতি যাব বিচাৰিছে (Wants to return to the Bangladesh) বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। বুধবাৰে এই কথা পুনৰ স্পষ্ট কৰি দিলে শ্বেখ হাছিনাই। সময় আহিলে তাৰিখ আৰু সময় ঘোষণা কৰিব বুলিও কয় তেওঁ।

ক্ষমতালৈ ঘূৰি অহাৰ উদ্দেশ্যৰে বাংলাদেশলৈ ঘূৰি নাযায় বুলিও দাবী কৰে হাছিনাই। তেওঁৰ লক্ষ্য হৈছে নিজৰ দেশক পুনৰ ‘সঠিক পথ’লৈ অনা। বাংলাদেশলৈ উভতি গ’লে হত্যা হ’ব পাৰে বুলিও আশংকা কৰা হৈছে। অৱশ্যে এই সকলোবোৰ অতিক্ৰমি বাংলাদেশলৈ উভতি যাব বিচাৰিছে আৱামী লীগৰ নেতাগৰাকীয়ে। ইয়াৰ কাৰণটোও তেওঁ জনালে। হাছিনাই অভিযোগ কৰে যে বাংলাদেশ বিগত দুবছৰত (অন্তৱৰ্তীকালীন চৰকাৰ আৰু বিএনপি চৰকাৰৰ কাৰ্যকালত) বিভিন্ন ক্ষেত্ৰত পিছপৰি আছে। এই প্ৰতিকূল পৰিস্থিতিৰ পৰা নিজৰ দেশক বচাবলৈ বাংলাদেশলৈ উভতি যাব বিচাৰিছে বুলিও তেওঁ কয়।

বুধবাৰে ভাৰ্চুৱেল বাৰ্তাত তাৰিক ৰহমান নেতৃত্বাধীন বাংলাদেশৰ বৰ্তমানৰ চৰকাৰকো সমালোচনা কৰে। জিডিপিৰ পতন, উদ্যোগৰ অপব্যৱস্থাপনা, কৰ্মসংস্থাপনৰ অভাৱকে ধৰি বিভিন্ন বিষয়ত তাৰিক চৰকাৰক সমালোচনা কৰে। তেওঁ কয়, “ধাৰৰ টকাৰে চৰকাৰ চলি আছে।”

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পৰিস্থিতি সলনি কৰিবলৈ বাংলাদেশলৈ উভতি যাব বিচৰা বুলি দাবী কৰে। অৱশ্যে হাছিনাৰ পুত্ৰ চাজিব ৱাজিদ জয়ে একেদিনাই স্পষ্ট কৰি দিয়ে যে বাংলাদেশলৈ ঘূৰি অহাৰ সন্দৰ্ভত তাৰিক চৰকাৰৰ সৈতে তেওঁৰ কোনো আলোচনা হোৱা নাই।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দিনৰে পৰা বাংলাদেশত আৱামী লীগৰ কাৰ্যকলাপ নিষিদ্ধ হৈ আহিছে। বিএনপি ক্ষমতালৈ অহাৰ পিছতো এই নিষেধাজ্ঞা উঠাই লোৱা হোৱা নাই। এই কথা সোঁৱৰাই হাছিনাই তেওঁৰ দলৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ দাবী জনায়। আৱামী লীগৰ পতনৰ পিছৰে পৰা ৰাজনৈতিক বন্দী হৈ পৰাসকলক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে আৱামি লীগৰ নেত্ৰীগৰাকীয়ে।

bang | ASSAM TIMES POST
ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি ভাৰতত প্ৰথম সংবাদমেলত হাছিনাৰ অভিযোগ

আনহাতে, হাছিনাৰ সংবাদমেলক লৈ আপত্তি কৰিছে বাংলাদেশে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত দাবী কৰে যে হাছিনাক এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি দিলে দ্বিপাক্ষিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি ঢাকাই পূৰ্বে উদ্বেগ প্ৰকাশ কৰিছিল। ইয়াৰ পিছতো ভাৰতৰ ভূমিত এনে এক অনুষ্ঠানৰ অনুমতি দিয়াত তেওঁলোক হতাশ হৈ পৰিছে।

বুধবাৰে সন্ধিয়া দিল্লীৰ বিদেশী সংবাদদাতা ক্লাবত ভাৰ্চুৱেল সংবাদমেল অনুষ্ঠিত কৰে হাছিনাই। জানুৱাৰী মাহত দিল্লীৰ এই একেটা ক্লাবতে এক অনুষ্ঠানত হাছিনাৰ ভাষণ শুনা গৈছিল। সেইবাৰ অডিঅ’ ক্লিপ এটা বাজি উঠিছিল। অৱশ্যে এইবাৰ সম্পূৰ্ণ ভাৰ্চুৱেল সংবাদমেল। লগতে প্ৰশ্নোত্তৰ অনুষ্ঠিত হয়। তাতে আৱামী লীগৰ নেত্ৰীগৰাকীক সোধা হৈছিল যে কেতিয়া দেশলৈ উভতি আহিব। যদিও তেওঁ নিৰ্দিষ্ট তাৰিখ দিয়া নাই, হাছিনাই কয়, “মই বিশ্বাস কৰোঁ যে বাংলাদেশৰ জনসাধাৰণে বহুত কষ্ট পাইছে। মই আৰু নোৱাৰো। ডিচেম্বৰ মাহ বিজয়ৰ মাহ। গতিকে ডিচেম্বৰ মাহত ঘূৰি যাব বিচাৰোঁ। বাংলাদেশক পুনৰুদ্ধাৰৰ প্ৰয়োজন।”

উল্লেখ্য যে বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতলৈ অহাৰ পাছত হাছিনাক ঢাকাৰ ন্যায়াধিকৰণে দোষী সাব্যস্ত কৰে। মৃত্যুদণ্ডও ঘোষণা কৰা হয়। বাংলাদেশলৈ উভতিলে গ্ৰেপ্তাৰ হ’ব পাৰে। অৱশ্যে হাছিনা নিজৰ স্থিতিত অটল। এই সন্দৰ্ভত সোধাত তেওঁ কয়, “তেওঁলোকে মোক হত্যা কৰিব পাৰে, কিন্তু মই উভতি যাব লাগিব। সাধাৰণ মানুহৰ সমৰ্থন মোৰ বাবে অতি গুৰুত্বপূৰ্ণ।” বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে কয়, “মই মোৰ জনসাধাৰণৰ ওচৰলৈ উভতি যাম৷ যেতিয়া মোৰ দেশবাসীয়ে কষ্ট পাইছে, তেতিয়া ভয়ে মোক মোৰ কর্তব্যৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে৷ মই উভতিম বাংলাদেশক সঠিক পথত আগুৱাই নিবলৈ। মই ঘূৰি যাম বাংলাদেশৰ সাধাৰণ জনতাৰ কাষত থিয় হ’বলৈ৷”

ইফালে হাছিনাৰ সংবাদমেলৰ লগে লগে ঢাকাই এক বিবৃতি প্ৰকাশ কৰে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে কয়, “আমাৰ দেশ কেতিয়াও ফেঁচিবাদৰ অন্ধকাৰ যুগলৈ ঘূৰি নাযায় আৰু বাংলাদেশ কেতিয়াও পুতলা ৰাষ্ট্ৰ হৈ নাথাকিব। শ্বেখ হাছিনা আৰু তেওঁৰ মাফিয়া দলটোৱে বাংলাদেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত আৰু কেতিয়াও স্থান নাপায়।” ভাৰতৰ মাটিত হাছিনাই এনে সংবাদমেল অনুষ্ঠিত কৰাত ক্ষোভ প্ৰকাশ কৰিছে তাৰিক চৰকাৰে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত এই ঘটনাক ‘বাংলাদেশৰ সাৰ্বভৌমত্বক অপমান’ আৰু জুলাই আন্দোলনত নিহতসকলক ‘গুৰুতৰ অপমান’ বুলি অভিহিত কৰিছে। উল্লেখ্য যে ৫ আগষ্টত দুবছৰ পূৰ্বে ছাত্ৰ আন্দোলনৰ বাবে হাছিনাক ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিল।

একে সময়তে ঢাকাই দিল্লীৰ উদ্দেশ্যেও বাৰ্তা প্ৰেৰণ কৰে। বিবৃতিটোত তেওঁলোকে কয় যে বাংলাদেশে ভাৰতৰ সৈতে সাৰ্বভৌম সমতা, পাৰস্পৰিক সন্মান, ইজনে সিজনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰ ওপৰত ভিত্তি কৰি গঠনমূলক, পাৰস্পৰিকভাৱে লাভজনক আৰু আগন্তুক দৃষ্টিকোণৰ সম্পৰ্ক বজাই ৰাখিব বিচাৰে।

Tags: SheikhHasina
Share4Tweet3Send

Related Posts

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

by News Desk
August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

by News Desk
August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

by News Desk
August 11, 2026
50
Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়
National-International

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

by News Desk
August 11, 2026
50
Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ
National-International

Minor Murder case : হোটেলত দুই শিশু কন্যাক হত্যা কৰি ডিঙি কাটি আত্মহত্যাৰ চেষ্টা পিতৃৰ

by News Desk
August 11, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx