উন্নয়নৰ লগতে ভৱিষ্যতৰ যুদ্ধৰ বাবে প্ৰস্তুতি! সীমান্তত চীনা সেনাৰ আগ্ৰাসনৰ ভয়ত ভাৰতে পূৰ্ণাংগ যুদ্ধৰ বাবে সাজু হৈছে নেকি? প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, সামৰিক পৰ্যবেক্ষকৰ এটা অংশই তেনেকৈয়ে ভাবে।
খবৰ অনুসৰি, যুদ্ধ পৰিস্থিতিত দ্ৰুত ব্যৱহাৰৰ বাবে ক্ষেপণাস্ত্ৰ আৰু গোলা-বাৰুদ জমা কৰিবলৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) ওচৰত নিৰ্মিত ৰোড-টানেল (Road-tunnel) ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে! অনাগত দিনত যিবোৰ সুৰংগ নিৰ্মাণ হʼব, সেইবোৰত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ জমা কৰিব পৰাকৈ বিশেষ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰিত সংস্থা সীমান্ত পথ সংস্থাই ‘বহুমুখী সুৰংগ’ (Multipurpose Tunnel) নিৰ্মাণৰ এই পৰিকল্পনা ৰূপায়ণৰ বাবে দায়বদ্ধ হʼব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে যুদ্ধ পৰিস্থিতিত শত্ৰুৰ বিমান আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰা সামৰিক সঁজুলিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এই পদক্ষেপ ফলপ্ৰসূ হʼব। অহা বছৰ ৰাজহুৱা যাতায়াতৰ বাবে মুকলি হʼবলগীয়া অৰুণাচল প্ৰদেশ (Arunachal Predesh)ৰ বালিপাৰা-চাৰিদুৱাৰ-টাৱাং অঞ্চলৰ ছেলা, নেচিফুৰ দৰে সুৰংগ (Tunnel)ত এনে ব্যৱস্থা থাকিব।
উল্লেখ্য, চীনৰ সেনাই দখল কৰা তিব্বতৰ ৰাজধানী লাছাৰ ওচৰত ক্ষেপণাস্ত্ৰ আৰু গোলা-বাৰুদ জমা কৰিবলৈ বোমা প্ৰুফ ভূগৰ্ভস্থ সুৰংগ নিৰ্মাণ কৰিছে। লাডাখৰ ডেমচাকৰ গৰ গুনছা ঘাটিতো একে কৌশল গ্ৰহণ কৰা হৈছে।
কেইবাবছৰ পূৰ্বে উত্তৰ ভাৰতৰ বিভিন্ন এক্সপ্ৰেছৱেত যুদ্ধৰ পৰিস্থিতিত চীন আৰু পাকিস্তানৰ সৈতে মোকাবিলা কৰিবলৈ ৰাণৱে নিৰ্মাণ কৰা হৈছিল। বায়ুসেনাৰ গধুৰ সামৰিক পৰিবহণ বিমান চি-১৩০জে ছুপাৰ হাৰকিউলিছ, যুদ্ধ বিমান সুখয়-৩০ এম কে আইয়েও তাত উৰণ অনুশীলন সফলতাৰে চলাইছে। এইবাৰ কৌশল সলনিৰ পথত আহি আছে ৰোড-টানেল অস্ত্ৰভাণ্ডাৰ।