ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

চীনৰ ওপৰত চকু ৰাখিবলৈ অৰুণাচল প্ৰদেশত সৰ্বাধিক দৈৰ্ঘ্যৰ ঘাইপথ নিৰ্মাণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 20, 2022
Reading Time: 1 min read
A A
0
চীনৰ ওপৰত চকু ৰাখিবলৈ অৰুণাচল প্ৰদেশত সৰ্বাধিক দৈৰ্ঘ্যৰ ঘাইপথ নিৰ্মাণ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

বহু বছৰ ধৰি চীনে China ভাৰতৰ অৰুণাচল প্ৰদেশ Arunachal Pradesh ৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি আহিছে। অৰুণাচলৰ টাৱাং Tawang খণ্ডৰ ইয়াংচে অঞ্চলত চলিত মাহত আগ্ৰাসন প্ৰদৰ্শন কৰিছে ৰঙা সেনাবাহিনীয়ে। অৱশ্যে ভাৰতীয় সেনাৰ এই কার্যই বেইজিঙৰ চকু কপালত তুলিছে৷ এনে পৰিস্থিতিত মোদী Modi চৰকাৰে ড্ৰেগনৰ দেশক নিৰীক্ষণ কৰাৰ নতুন কৌশল গ্রহণ কৰিছে৷

Indian Army
বহু বছৰ ধৰি চীনে China ভাৰতৰ অৰুণাচল প্ৰদেশ Arunachal Pradesh ৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি আহিছে।

ভাৰত চৰকাৰে চীন সীমান্তৰ সমীপৱৰ্তী অঞ্চলটোত ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। অহা ৫ বছৰৰ ভিতৰত অৰুণাচলত নিৰ্মাণ হʼব ‘ফ্ৰন্টিয়াৰ হাইৱে’ Frontier Highway । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ হʼব এই দীঘলীয়া ঘাইপথটো। এই ঘাইপথটো ভাৰত-তিব্বত-চীন-ম্যানমাৰৰ সীমান্তত থাকিব।

Frontier Highway
অহা ৫ বছৰৰ ভিতৰত অৰুণাচলত নিৰ্মাণ হʼব ‘ফ্ৰন্টিয়াৰ হাইৱে’ Frontier Highway ।

IMG 20221220 WA0013 | ASSAM TIMES POST

এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হʼব ১৭৪৮ কিলোমিটাৰ। দুটা লেনযুক্ত পথ নিৰ্মাণ কৰা হʼব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে নিৰ্মাণ কৰিব এই ঘাইপথ। আনুষ্ঠানিকভাৱে এইটো ভাৰতৰ আটাইতকৈ দীঘল ঘাইপথ হ’ব।
পথটোৰ নামো ঠিক কৰা হৈছে। নামটো দিয়া হʼব ‘এন এইচ-৯১৩’। অৰ্থাৎ ৯১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই দীঘলীয়া ঘাইপথ নিৰ্মাণৰ ফলত সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰতিৰক্ষা বাহিনীৰ চলাচলত সুবিধা হʼব।

IMG 20221220 WA0008 | ASSAM TIMES POST

IMG 20221220 WA0012 | ASSAM TIMES POST

সেনাবাহিনীৰ বাবে অস্ত্ৰ-শস্ত্ৰ লৈ সীমান্ত এলেকালৈ যোৱাটো সুবিধাজনক হʼব। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলসমূহত শেহতীয়াকৈ চীনৰ সামৰিক আগ্ৰাসন প্ৰতিহত কৰাত এই পথটো গুৰুত্বপূৰ্ণ।
অৰুণাচলৰ বমডিলাৰ পৰা আৰম্ভ হʼব এই ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ পিছত ৰাস্তাটো নাফৰা, হুৰি, মনিগংৰ মাজত পাৰ হʼব। যিটো ভাৰত-তিব্বত সীমান্তৰ ওচৰত।

IMG 20221220 WA0005 | ASSAM TIMES POST
অৰুণাচলৰ বমডিলাৰ পৰা আৰম্ভ হʼব এই ৰাষ্ট্ৰীয় ঘাইপথ।
IMG 20221220 WA0004 | ASSAM TIMES POST
বিজয়নগৰ অঞ্চলত শেষ হʼব ৰাষ্ট্ৰীয় ঘাইপথ।

চীন সীমান্তৰ সমীপৱৰ্তী অঞ্চল জিডো আৰু চেংকুৱেন্টিৰ মাজেৰেও পাৰ হʼব এই পথটো। বিজয়নগৰ অঞ্চলত শেষ হʼব ৰাষ্ট্ৰীয় ঘাইপথ। যিটো ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলৰ ওচৰত।
এই দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ বাবে বহু টকা খৰচ হʼব।

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এই প্ৰকল্পৰ বাবে প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় হʼব। কিন্তু চৰকাৰে এই প্ৰকল্পৰ খৰচ কমাব পৰা যাব নেকি সেই লৈ চিন্তা কৰিছে। এজন চৰকাৰী বিষয়াই জনোৱা মতে, মুঠ কৰিডৰৰ প্ৰায় ৮০০ কিলোমিটাৰ পথ পথাৰৰ মাজেৰে পাৰ হʼব। ইয়াৰ উপৰি কেইবাটাও সুৰংগ আৰু দলং নিৰ্মাণ হʼব।

IMG 20221220 WA0011 | ASSAM TIMES POST
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে এই প্ৰকল্পৰ বাবে প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় হʼব।

২০২৪-২৫ চনৰ ভিতৰত পথ নিৰ্মাণৰ বাবে নিষ্কাশনৰ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ পিছত প্ৰকল্পটো সম্পূৰ্ণ হʼবলৈ আৰু ২ বছৰ লাগিব। চৰকাৰী বিষয়াগৰাকীয়ে কয় যে ২০২৬-২৭ চনৰ ভিতৰত সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে।

অৰুণাচল প্ৰদেশেও এটা আন্তঃকৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে, যিটো ঘাইপথৰ সৈতে সংযুক্ত হʼব। যদি এই পথটো নিৰ্মাণ কৰা হয় তেন্তে সীমান্তৱৰ্তী অঞ্চলসমূহৰ ওপৰত নজৰ ৰখাটো ভাৰতৰ বাবে সুবিধাজনক হʼব। ইয়াৰ লগতে সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধ কৰাৰ কামো ভালদৰে কৰিব পৰা যায়।

IMG 20221220 WA0010 | ASSAM TIMES POST

উল্লেখ্য, চীনে সদায় অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ড বুলি দাবী কৰি আহিছে। ছি জিনপিঙৰ চৰকাৰে দাবী কৰিছে যে অৰুণাচল দক্ষিণ তিব্বতৰ অংশ। অৱশ্যে অৰুণাচলৰ ওপৰত ভাৰতৰ সাৰ্বভৌমত্ব আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত। কিন্তু চীনে ইয়াক মানি লʼবলৈ ইচ্ছুক নহয়।

যোৱা ৯ ডিচেম্বৰ, শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰৰ ইয়াংচে এলেকাত দুয়োখন দেশৰ সেনাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল। দাবী কৰা হৈছে যে দুয়োপক্ষৰ কেইবাজনো জোৱান আহত হৈছে। কিন্তু এইবাৰ গালৱানৰ দৰে কোনো প্ৰাণ হেৰুৱাব লগা হোৱা নাই। ইয়াৰ পূৰ্বে ২০২০ চনত পূব লাডাখত সীমান্ত সংঘাতক লৈ ভাৰত-চীনৰ সম্পৰ্কত অসুবিধাৰ সৃষ্টি হৈছিল। সেই তিক্ত সম্পৰ্কৰ প্ৰেক্ষাপটতে ৯ ডিচেম্বৰত টাৱাঙত দুয়োখন দেশৰ মাজত সংঘৰ্ষ হৈছিল।

এনে পৰিপ্ৰেক্ষিতত ভাৰতে অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ ওপৰত অতিৰিক্ত দৃষ্টি ৰাখিছে। ৰঙা সেনাৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ নতুন দিল্লীয়ে এই দীঘলীয়া ঘাইপথটো নিৰ্মাণৰ উদ্যোগ লৈছে।

Tags: অৰুণাচল প্ৰদেশ
Share4Tweet3Send

Related Posts

Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

by Staff Reporter
June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

by Staff Reporter
June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

by Staff Reporter
June 5, 2026
50
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

by News Desk
June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

by News Desk
June 4, 2026
50
Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
National-International

Bihar fire : ৰোগীক পেলাই থৈ পলায়ন চিকিৎসক-কৰ্মচাৰীৰ, বিহাৰৰ অগ্নিকাণ্ডত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

by News Desk
June 4, 2026
50
ADVERTISEMENT
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
50
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ
National-International

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026
50
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Supreme Court challenging the automatic disqualification of a MP or MLA:

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

June 5, 2026
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

June 5, 2026
Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

Stelin on Congress I বিশ্বাসঘাটক কংগ্ৰেছে পিঠিত ছুৰী মাৰিলে, বিজয়ৰ সৈতে মিত্ৰতাক লৈ ‘ইণ্ডিয়া’ বৈঠক বৰ্জন ষ্টেলিনৰ

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx