পাকিস্তান হৈছে ‘টেৰৰিষ্টান’! কেইবছৰমান আগতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কাশ্মীৰত মানৱ অধিকাৰ উলংঘাৰ অভিযোগৰ প্ৰতি এই ভাষাত প্ৰত্যুত্তৰ দিছিল। এইবাৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ২০০১ চনৰ সংসদ আক্ৰমণ আৰু আল কায়দাৰ নেতা ওছামা বিন লাডেনক আশ্ৰয় দিয়াৰ বিষয়টো উত্থাপন কৰি ইছলামবাদক সমালোচনা কৰে।
বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো পাকিস্তানে কাশ্মীৰ সমস্যাক ‘আন্তঃৰাষ্ট্ৰীয়কৰণʼৰ চেষ্টা অব্যাহত ৰাখিছে। নিয়ন্ত্ৰণ ৰেখাৰে ভাৰতীয় সেনাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ কেইবছৰমান পূৰ্বে ৰাষ্ট্ৰসংঘৰ সামৰিক পৰ্যবেক্ষক গোটৰ সন্মুখত উত্থাপন হৈছিল।
সাধাৰণ পৰিষদত ভাৰতীয় সেনাৰ বিৰুদ্ধে উপত্যকাটোত মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উত্থাপন হৈছিল। এইবাৰ কাশ্মীৰৰ বিষয়টো পোনপটীয়াকৈ ইছলামবাদে নিৰাপত্তা পৰিষদত উত্থাপন কৰিলে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে জয়শংকৰে বিন লাডেন আৰু সংসদ আক্ৰমণৰ উদ্ধৃতি দি পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
তেওঁ কয়, “জাতিটোৰ বিশ্বাসযোগ্যতা নিৰ্ভৰ কৰে সমসাময়িক প্ৰধান প্ৰত্যাহ্বানসমূহ ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ ওপৰত। ই মহামাৰী, জলবায়ু পৰিৱৰ্তন বা সন্ত্ৰাসবাদ হʼব পাৰে।” কাশ্মীৰ সন্দৰ্ভত পাকিস্তানে উত্থাপন কৰা ‘তথ্য’ আৰু অগুৰুত্বপূৰ্ণ অভিযোগ নতুন কথা নহয় বুলিও বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়।