ASSAM TIMES POST
ডিফু : কাৰবি আংলং জিলাৰ ডিলাইত অস্ত্ৰ –শস্ত্ৰ সহ দুজন দুৰ্ধৰ্ষ ইউপিআৰএফ কেডাৰ আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰবি আংলং জিলাৰ ডিলাই থানা এলেকাধীন নুমজান গাঁৱত অস্ত্ৰ – শস্ত্ৰ সহ দুজন দুৰ্ধৰ্ষ কেডাৰ ঘূৰি ফুৰাৰ খবৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ পৰা লাভ কৰে ৷ এই খবৰৰ ভিত্তিতেই ডিলাই আৰু খটখটী আৰক্ষী লগতে ২০ বিএন চিআৰপি এফুৰ এটা অভিযানকাৰী দলে যৌথ অভিযান চলাই উক্ত এলেকাৰ পৰা ইউপিআৰএফৰ দুজন কেডাৰ ক্ৰমে, পাও হেগ্ৰা আৰু ছেজিন হাওকাপক অস্ত্ৰ – শস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হয় ৷ উগ্ৰপন্থী কেডাৰ দুজনৰ কৱলৰ পৰা অভিযানকাৰী দলটোৱে মেগজিন সহ 2 টা, ’22 পিষ্টল, 2 টা সজীৱ গুলী আৰু 5 টা 9 এমএম ‘ ৰ সজীৱ গুলী আৰু দুটা দেশীয় ভাবে নিৰ্মিত ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্যযে, জিলাখনত পিডিচিকে আৰু ডিএনএলএ উগ্ৰপন্থীৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে সঘনাই অভিযান চলাই থকাৰৰ মূহুৰ্তত নতুনকৈ ইউপিআৰএফ কেডাৰ আটক হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অধিক তথ্যৰ বাবে ধৃত কেডাৰ দুজনক জেৰা অব্যাহত ৰাখিছে ৷