ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

নতুন ঘোষণা নহয়, আগন্তুক বাজেটত চলিত প্ৰকল্পৰ ওপৰত গুৰুত্ব

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 12, 2022
Reading Time: 1 min read
A A
0
নতুন ঘোষণা নহয়, আগন্তুক বাজেটত চলিত প্ৰকল্পৰ ওপৰত গুৰুত্ব

RELATED POSTS

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

১ ফেব্ৰুৱাৰীত লোকসভা নিৰ্বাচনৰ পূৰ্বে দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেষৰখন সম্পূৰ্ণ বাজেট। সাধাৰণতে নিৰ্বাচনৰ আগৰ বছৰৰ বাজেটত বিভিন্ন ৰাজহুৱা প্ৰকল্পৰ ঘোষণা থাকে।

কিন্তু কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, কোনো নতুন জনমোহিনী ঘোষণা কৰাৰ পৰিৱৰ্তে এইবাৰো বাজেটত আন্তঃগাঁথনিৰ বাবে অধিক ব্যয়ৰ ওপৰত গুৰুত্ব দিয়া হʼব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত সৃষ্টি হোৱা নতুন সংকটত মেঘাচ্ছন্ন হৈ পৰা অৰ্থনীতিক উন্নীত কৰাৰ উদ্দেশ্যে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয়, “মোদী চৰকাৰে ইতিমধ্যে জনকল্যাণমূলক আঁচনিৰ বাবে যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিছে। সেই প্ৰকল্পসমূহৰ বাবে প্ৰয়োজন অনুসৰি ধন আবণ্টন দিয়া হʼব। কোনো অতিৰিক্ত দান-বৰঙণিৰ সম্ভাৱনা নাই।”

ইয়াৰ বিপৰীতে বিজেপিৰ সূত্ৰ অনুসৰি, কোনো নতুন দাতব্য সংস্থা বা জনমোহিনী আঁচনি আৰম্ভ কৰাৰ পৰিৱৰ্তে চলি থকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ প্ৰচাৰত অধিক গুৰুত্ব দিয়া হ’ব। এই প্ৰকল্পসমূহৰ দ্বাৰা মানুহে কেনেদৰে লাভৱান হৈছে সেই বিষয়ে আলোকপাত কৰা হʼব। যিকোনো ৰাজ্যত যদি প্ৰকল্পৰ কামত কোনো অভাৱ হয় তেন্তে সেইটোও দলটোৱে লʼব। যোৱা সপ্তাহত বিজেপিৰ বিষয়ববীয়াৰ বৈঠকতো এই সিদ্ধান্ত লোৱা হৈছিল।

ৰাছিয়াৰ সৈতে হোৱা যুদ্ধৰ ফলত বিশ্ব বজাৰত খাদ্য আৰু সাৰৰ দাম বৃদ্ধি পোৱাৰ বাবে মোদী চৰকাৰে সাৰ আৰু খাদ্য ৰাজসাহায্যৰ বাবে অতিৰিক্ত ধন আবণ্টন দিবলগীয়া হৈছিল। সংসদৰ চলিত অধিৱেশনত সীতাৰমণে বাজেটৰ বাহিৰত আৰু ৩.২৫ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰস্তাৱ দাখিল কৰে। ফলত বিত্তীয় ঘাটি কʼত উপনীত হʼব সেই লৈ প্ৰশ্ন উত্থাপন হৈছে।

বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, সংখ্যাৰ ফালৰ পৰা বিত্তীয় ঘাটি বৃদ্ধি পাব পাৰে। বাজেটত ১৬.৬ লাখ কোটি টকাৰ বিত্তীয় ঘাটিৰ প্ৰকল্প কৰা হৈছিল। বাস্তৱত ঘাটি ইয়াতকৈ বেছি হʼব। অৱশ্যে বিত্তীয় ঘাটি আৰু জিডিপি অনুপাত ৬.৪% লক্ষ্যৰ ভিতৰত থাকিব। বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে ব্যাখ্যা কৰে যে বাজেটৰ আনুমানিক হিচাপৰ তুলনাত কৰ ৰাজহৰ ফলাফল ভাল হৈছে। বহু মন্ত্ৰালয়ে বাজেট আবণ্টন ব্যয় কৰিব পৰা নাই যেন লাগে। ফলত সঞ্চয় হʼব।

বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে দাবী কৰিছে যে অহা বিত্তীয় বৰ্ষত বিত্তীয় ঘাটি ৬.৪%ৰ পৰা ৫.৬-৫.৮%লৈ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হʼব। যাৰ পৰা স্পষ্ট হৈছে যে চৰকাৰে দান-বৰঙণিৰ পথ অনুসৰণ নকৰে। ২০২৫-২৬ চনৰ ভিতৰত বিত্তীয় ঘাটি ৪.৫% লৈ হ্ৰাস কৰাৰ লক্ষ্যও বাজেটত পুনৰ উল্লেখ কৰা হʼব।

বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে কয় যে চিন্তা একেটাই। তাৰ পিছত ঘাটি পূৰণ কৰিবলৈ ঋণৰ সুতৰ হাৰ। যোৱা বাজেট ঘোষণাৰ দিনাই চৰকাৰী ঋণৰ সুতৰ হাৰ বৃদ্ধি পাইছিল। মূল্যবৃদ্ধিত লেকাম লগাবলৈ ৰিজাৰ্ভ বেংকে এতিয়া যিদৰে সুতৰ হাৰ বৃদ্ধি কৰিছে, ভৱিষ্যতে চৰকাৰী ঋণত সুতৰ হাৰো বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ১৪.২১ লাখ কোটি টকাৰ ঋণৰ কথা ঘোষণা কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: বাজেট
Share5Tweet3Send

Related Posts

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ
National-International

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

by News Desk
November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

by News Desk
November 14, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

by News Desk
November 14, 2026
50
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু
National-International

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

by News Desk
November 14, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

by News Desk
November 14, 2026
50
Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু
National-International

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

by News Desk
November 13, 2026
50
ADVERTISEMENT
U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ
National-International

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

November 14, 2026
50
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
50
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

November 14, 2026
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d