প্ৰেম প্রত্যাখ্যান (Rejection of love) কৰা প্রেমিকৰ এচিড আক্ৰমণ (Acid attack)ৰ চিকাৰ হৈছে বহু নাৰী। কিন্তু এইবাৰ এক প্রত্যাখ্যিত প্রেমিকাই পথৰ মাজতে এচিড আক্ৰমণ চলালে প্ৰেমিকৰ ওপৰত। প্রাক্তন প্রেমিকৰ বিৰুদ্ধে ক্ষোভৰ জুই নুমাবলৈয়ে তেওঁ এচিড আক্ৰমণেৰে আহত কৰে তেওঁৰ স্ত্রী আৰু কোলাৰ সন্তানকো। ঘটনাটি ঘটিছে নাগপুৰ (Nagpur)ত। আৰক্ষীয়ে আক্ৰমণকাৰীক গ্রেপ্তাৰ কৰিছে।
শনিবাৰে পুৱা উক্ত ঘটনাটি ঘটে নাগপুৰৰ যশোধৰা নগৰ থানা এলেকাত। আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণকাৰী ২৫ বছৰীয়া যুৱতী। প্রাক্তন প্রেমিকৰ পত্নীৰ সৈতে প্রায়েই তেওঁৰ কাজিয়া হৈছিল। প্রত্যক্ষদর্শীয়ে আৰক্ষীক জনোৱা মতে, প্রেমিকৰ পত্নীক ‘অবৈধভাবে’ সম্পর্ক স্থাপনৰ বাবে তেওঁ দোষাৰোপ কৰিছিল। তাৰ পিছতেই বন্ধুৰ সৈতে ষড়যন্ত্র কৰি এচিড আক্ৰমণৰ পৰিকল্পনা কৰে যুৱতীগৰাকীয়ে।
শনিবাৰে পুৱা যুৱতীগৰাকীৰ প্রাক্তন প্রেমিকে পত্নী আৰু তেওঁৰ সন্তানৰ লগত পথত খোজকাঢ়ি গৈ আছিল। তেওঁলোকক লক্ষ্য কৰিয়েই এচিড দলিয়ায় যুৱতীগৰাকীয়ে। শিশু আৰু মাতৃ দুয়োজনেই গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন। দুয়োৰে মুখ পোৰা গৈ গভীৰভাৱে ক্ষত হোৱা বুলি হস্পিটেল সূত্রত প্ৰকাশ।
আৰক্ষীয়ে জনোৱা মতে, এই ঘটনা সংঘটিত কৰিয়েই তাৰ পৰে পলায়ন কৰে যুৱতীগৰাকীয়ে । অৱশ্যে পিছত তেওঁক গ্রেপ্তাৰ কৰা হয়। মোবাইল ফোনৰ লোকেচন ট্ৰেক কৰি আৰু চিচিটিভি ফুটেজ চাই তেওঁৰ সন্ধান পোৱা বুলি আৰক্ষীয়ে জনাইছে। উক্ত যুৱতীগৰাকীৰ বিৰুদ্ধে ৩২৬এ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।