সমগ্ৰ দেশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পিছত উত্তৰ প্ৰদেশ আৰু দিল্লীতো একেই ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহে। তাৰ মাজতেই শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনম (Visakhapatnam)ত সংঘটিত হোৱা আন এক এনে অনুৰূপ ঘটনা পোহৰলৈ আহে।
আৰক্ষীয়ে শেহতীয়াকৈ বিশাখাপত্তনমৰ এটা বন্ধ ঘৰ (Closed House)ৰ ড্ৰাম (Drum)ত এগৰাকী মহিলাৰ দেহ (Woman’s body)ৰ এটা অংশ উদ্ধাৰ (Part recovery) কৰিছে। ভাড়াতীয়াই ভাৰা পৰিশোধ নকৰাৰ বাবে বন্ধ ঘৰটোত প্ৰায় এবছৰ পিছত মালিকে প্ৰৱেশ কৰাত ঘটনা সন্দৰ্ভত জানিব পৰা যায়। ২০২১ চনৰ জুন মাজত ভাড়াতীয়াজনে তেওঁৰ পত্নীৰ গৰ্ভধাৰণৰ কথা উল্লেখ কৰি ভাড়া পৰিশোধ নকৰাকৈ ঘৰটো খালী কৰিছিল যদিও ভাড়াতীয়া গৰাকীয়ে এবাৰ- দুবাৰ পিছ দুৱাৰেদি ঘৰটোত প্ৰৱেশ কৰে।
কিন্তু যোৱা এটা বছৰে ঘৰৰ মালিকক ভাড়া নিদিয়াত তেওঁলোকৰ বয়-বস্তুবোৰ বাহিৰ উলিয়াই দিবলৈ বলপূৰ্বক ভাৱে মালিক ভিতৰত প্ৰৱেশ কৰে। তেতিয়া মৃতদেহৰ অংশটোৰ উদ্ধাৰ হয়। এবছৰ পূৰ্বেই এই হত্যাকাণ্ড সংঘটিত হৈছিল। আৰক্ষীৰ মতে, এই মৃতদেহটো ভাড়াতীয়াৰ পত্নীৰ।