লণ্ডনস্থিত এষ্ট্ৰাজেনেকাৰ বিবৃতিৰ পিছত এতিয়া কোভিশ্বিল্ডক লৈ নতুন আতংক বিয়পি পৰিছে। আনহাতে, কোভিশ্বিল্ড ভেকচিন গ্ৰহণ কৰাসকল বিপদত পৰিছে। একাংশ যুৱকৰ হৃদযন্ত্ৰ বন্ধ হোৱাৰ দৰে ঘটনাৰো উদ্ভৱ হৈছে। উল্লেখযোগ্য যে ২০১৯ চনৰ পৰা ২০২০ চনলৈ বিশ্বজুৰি বিয়পি পৰা কৰোনা ভাইৰাছ (Corona Virus) নিয়ন্ত্ৰণৰ একমাত্ৰ অস্ত্ৰ আছিল কোভিশ্বিল্ড।
এই ভেকচিন আৱিষ্কাৰ কৰি বিজ্ঞানীসকলে বিশ্বক এক নতুন দিশ দেখুৱালে। কিন্তু এইবাৰ সেই ভেকচিনৰ বিভিন্ন পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ কথা পোহৰলৈ আহিছে। এই ভেকচিন গ্ৰহণ কৰা এক কোটি লোকৰ ভিতৰত ৭-৮ জন লোকে ‘থ্ৰম্ব’ছিছ’ নামৰ বিৰল ৰোগত আক্ৰান্ত হ’ব পাৰে।
অৱশ্যে ভাৰতৰ শীৰ্ষ মহামাৰী বিজ্ঞানী তথা আইচিএমআৰৰ প্ৰাক্তন বিজ্ঞানী ডাঃ ৰমন গংগাখেদকাৰে এই ভেকচিন গ্ৰহণ কৰাসকলৰ জীৱনলৈ কোনো বিপদ নাই বুলি কয়। কিন্তু একাংশ বিজ্ঞানীৰ মতে দ্বিতীয় আৰু তৃতীয় ড’জতকৈ প্ৰথম ড’জৰ ভেকচিনৰ বিপদ অধিক।
আনহাতে, এষ্ট্ৰাজেনেকাই কয় যে কোভিড ভেকচিনত তেজ জমা হোৱাৰ সম্ভাৱনা অতি কম। কিছুমান ক্ষেত্ৰত এই ভেকচিন গ্ৰহণ কৰাৰ পিছত মানুহৰ শৰীৰত সামান্য প্ৰতিক্ৰিয়া হ’ব পাৰে। অৱশ্যে মানৱ শৰীৰৰ স্বাস্থ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে।
ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মুখ্য বিজ্ঞানী ডাঃ ৰমন গংগাখেদকাৰে কয় যে ভেকচিন মুকলি হোৱাৰ ৬ মাহৰ ভিতৰতে টিটিএছক এডিন’ভাইৰাছ ভেক্টৰ ভেকচিনৰ বিৰল পাৰ্শ্বক্ৰিয়া হিচাপে স্বীকৃতি দিয়া হৈছে। কিন্তু ই অতি কম।
ইফালে ভাৰতীয় জনসংখ্যাৰ প্ৰায় ৯০% লোকে এই ভেকচিন ব্যৱহাৰ কৰিছে। কিন্তু ১০ লাখৰ ভিতৰত মাত্ৰ ৭ৰ পৰা ৮ জন লোকেহে কোভিশ্বিল্ডৰ পৰা গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চেও নিশ্চিত কৰিছে যে ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ ফলত মৃত্যু নহ’ব।