ADVERTISEMENT
আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ সংমণ্ডলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। দিল্লী-কানপুৰ নীলাচল এক্সপ্ৰেছত যাত্ৰা কৰি থকাৰ সময়তে শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত চলন্ত ৰে’লখনৰ খিৰিকীৰ কাষৰ চিটত বহি থকা এগৰাকী যাত্ৰীৰ হঠাৎ ডিঙি ভেদ কৰি খিৰিকীৰে সোমাই আহে এডাল লোহাৰ ৰ’ড।

হঠাৎ ৰে’লখনৰ খিৰিকী ভাঙি সোমাই অহা ৰ’ডডালৰ ফলত যাত্ৰী গৰাকীৰ ডিঙি ভেদি যোৱাত তেওঁৰ ৰক্তক্ষৰণ হৈ তাতেই মৃত্যুবৰণ কৰে। জানিব পৰা মতে, এই দুৰ্ঘটনাৰ সময়ছোৱাত ৰে’লপথৰ মেৰামতিৰ কাম চলি আছিল যদিও ৰ’ডডাল কেনেকৈ ৰে’লৰ খিৰিকী ভাঙি সোমাই আহি সেয়া বৰ্তমানেও সন্দেহৰ আৱৰ্তত। ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ৰে’ল বিভাগে।