ৰাষ্ট্ৰসংঘ (UN)লৈ ভাৰতে (India) দিলে এক শক্তিশালী বাৰ্তা (Powerful message)। জাতীয় স্বাৰ্থত কোনো আপোচ নাই বুলিও কয়। সৰ্বোপৰি দেশ। ‘ইণ্ডিয়া ফাৰ্ষ্ট’ (India First) নীতি (Policy)ৰে চলিব বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ সহ্য কৰা নহʼব। উল্লেখ্য, ১ ডিচেম্বৰত ভাৰতলৈ আহিছে নিৰাপত্তা পৰিষদৰ সভাপতিত্বৰ দায়িত্ব। বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰথমগৰাকী মহিলা স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে স্পষ্টকৈ কয় যে ভাৰতক গণতন্ত্ৰৰ বিষয়ে শিকোৱাৰ প্ৰয়োজন নাই।
তেওঁ কয়, “আপোনালোকে জানেনে যে ভাৰত সম্ভৱতঃ পৃথিৱীৰ আটাইতকৈ পুৰণি সভ্যতা। এই দেশৰ গণতন্ত্ৰৰ শিপা ২৫০০ বছৰ পুৰণি। ভাৰত সদায় গণতান্ত্ৰিক দেশ। আজিও এই দেশত বিধায়িনী দল, ন্যায়পালিকা, প্ৰেছ আৰু ৰঙীন ছচিয়েল মিডিয়াৰ দৰে গণতান্ত্ৰিক স্তম্ভ অক্ষত অৱস্থাত আছে। এইখন দেশ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। ভাৰতত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়।”
বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত সন্ত্ৰাসবাদ-বিৰোধী আৰু বহুপক্ষীয়তাবাদ সম্পৰ্কীয় আলোচনাত ভাৰতৰ গণতন্ত্ৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ সম্পৰ্কত এই মন্তব্য কৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে।
জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিলৰ পৰা আৰম্ভ কৰি গো সুৰক্ষাৰ নামত সংখ্যালঘুৰ ওপৰত আক্ৰমণ কৰালৈকে মানৱ অধিকাৰ সংগঠনসমূহ সংগঠিত কৰা হৈছে। বিৰোধী ৰাজনৈতিক দলৰ লগতে আমেৰিকা আৰু ইউৰোপৰ দেশসমূহেও মোদী চৰকাৰক সমালোচনা কৰিছে। কিন্তু ৰুচিৰা কম্বোজে বুজাই দিলে যে ভাৰতে হেঁচাত পৰি নিজৰ নীতি সলনি নকৰে।