আজি গুৱাহাটীৰ ফটাশিল আমবাৰী ((Phatashil Ambari)স্থিত অসম পথ গৱেষণা (Assam Road Research) আৰু কাৰিকৰী প্ৰতিষ্ঠানত লোক নিৰ্মাণ (পথ) বিভাগৰ বিষয়াৰ সৈতে বৈঠক (Meeing)ত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM)। উক্ত বৈঠকত কেইবাটাও বৃহৎ প্ৰকল্প (Project)ৰ বিষয়ে আলোচনা কৰা হয়। উক্ত প্ৰকল্পসমূহৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ২,৬০৮ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত দলঙৰ সন্দৰ্ভত আলোচনা কৰা হয়।
আনহাতে, ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছিৰ ওপৰত ৩,১৯৭ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ’বলগীয়া দলংখনৰ বিষয়েও খৰচি মাৰি আলোচনা কৰা হয়।
লগতে অসম মালাৰ অধীনৰ প্ৰকল্প আৰু প্ৰকল্পৰ খৰচৰ ওপৰতো বিস্তৃত আলোচনা কৰা হয়। এই প্ৰকল্পত প্ৰথম পৰ্যায়ত ৩,৫১৯ কোটি টকা, দ্বিতীয় পৰ্যায়ত ৩,৯৯৮ কোটি টকা, তৃতীয় পৰ্যায়ত প্ৰায় ৩,৮০০ কোটি টকা ব্যয় কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে
ইফালে প্ৰায় ৩,৮০০ কোটি টকা ব্যয়ৰে ভাৰত চৰকাৰে অনুমোদন জনোৱা ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত ডিমা হাছাও জিলাৰ সম্পূৰ্ণ ৰোডমেপৰ বাবে বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পৰ বিষয়েও আলোচনা হয়।
তাৰোপৰি সৰ্বমুঠ ৪,০০০ কোটি টকা প্ৰকল্প ব্যয়েৰে ১,১০০খন পকী দলঙলৈ ৰূপান্তৰ হ’বলগীয়া কাঠৰ দলং প্ৰকল্পৰ বিষয়তো বৈঠকত আলোচনা হয়।
লগতে ৰাজ্যিক সম্পদ প্ৰকল্পৰ ব্যয়ৰ বাহিৰেও কাৰ্যকৰীকৰণ বা অনুমোদন প্ৰক্ৰিয়াত থকা ২৫,০০০ কোটি টকাৰ প্ৰকল্পৰ বিষয়েও অৱগত কৰায়।
উল্লেখ্য, উক্ত বৈঠকত সংশ্লিষ্ট বিষয়াসকলক ২০২৬ চনৰ ভিতৰত এই প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে।
বৈঠকত অসম চৰকাৰৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেমপ্ৰাই, বিশেষ সচিবদ্বয় বিভূতি শইকীয়া আৰু দিব্যজ্যোতি চহৰীয়া, লোক নিৰ্মাণ (পথ) বিভাগৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম, লোক নিৰ্মাণ (সীমান্ত) বিভাগৰ মুখ্য অভিযন্তা অলোক কুমাৰ দাস, মুখ্য অভিযন্তা (ই এ পি) পৱন তেৰাঙকে ধৰি অন্যান্যসকল উপস্থিত থাকে।