বি এছ এফৰ ডি জি পংকজ কুমাৰ সিঙে মানি লৈছে যে পাকিস্তান সীমান্তত ড্ৰোন অৱৰোধ কৰাটো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। আজি বাহিনীটোৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন সংবাদমেলত পংকজে কয় যে পাকিস্তান সীমান্তত ড্ৰোনৰ যাতায়াত বৃদ্ধি পোৱাৰ বাবে পশ্চিম সীমান্তত প্ৰায় ৫৫০০ কেমেৰা স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
কিন্তু বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশৰ বাবে পশ্চিমবংগ আৰু অসমৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত জনসংখ্যাৰ আৰ্হি সলনি হৈছে বুলি বিজেপিয়ে সততে কৰা দাবীৰ সন্দৰ্ভত পংকজে পোনপটীয়াকৈ প্ৰশ্নৰ উত্তৰ নিদিলে। তেওঁ কয়, “জনগণনাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট ছবি উপলব্ধ হ’ব। এই সময়ত আমাৰ হাতত কোনো তথ্য নাই।”
পঞ্জাব আৰু জম্মুৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্ত পহৰা দিয়াৰ দায়িত্ব বিএছএফৰ। তেওঁলোকৰ মতে, যিহেতু সীমান্তত নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে, সেয়েহে চোৰাংচোৱা আৰু পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইয়ে ড্ৰোনৰ জৰিয়তে ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণৰ কৌশল গ্ৰহণ কৰিছে।
বি এছ এফৰ সূত্ৰৰ পৰিসংখ্যা অনুসৰি, ২০২০ চনত জম্মু-পঞ্জাবত ৭৯খন ড্ৰোন দেখা গৈছিল। যোৱা বছৰ ১০৯টা আৰু চলিত বৰ্ষত এতিয়ালৈকে প্ৰায় ২৭০টা ড্ৰোন দেখা গৈছে। পংকজে কয় যে যোৱা বছৰ যʼত এখন ড্ৰোন নিক্ষেপ কৰা হৈছিল, এই বছৰ ১৬ খন ড্ৰোন নিক্ষেপ কৰা হৈছে।
ড্ৰোনৰ আকাৰো ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বি এছ এফৰ সূত্ৰ অনুসৰি, বুধবাৰে অমৃতসৰ সীমান্তত বিএফএফৰ এগৰাকী মহিলা প্ৰহৰীয়ে ভূপতিত কৰা ড্ৰোনখনৰ ওজন ১৮ কিলোগ্ৰাম। যিখন পাকিস্তানৰ পৰা প্ৰায় তিনি কিলোগ্ৰাম ড্ৰাগছ লৈ উৰা মাৰিছিল।