আন এটা সফল উৎক্ষেপণ হ’ল পাৰমাণৱিক ক্ষমতাসম্পন্ন অগ্নি-৩ বেলিষ্টিক মিছাইলৰ। বুধবাৰে ওড়িশা উপকূলৰ এপিজে আব্দুল কালাম দ্বীপৰ পৰা মধ্যম দূৰত্বৰ ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ ক্ষেপণাস্ত্ৰৰ নিয়মীয়া পৰীক্ষা অনুষ্ঠিত হয়। প্ৰেছ ইনফৰ্মেচন ব্যুৰোৰ তথ্য অনুসৰি, ভাৰতীয় সেনাৰ ষ্ট্ৰেটেজিক ফ’ৰ্চ কমাণ্ডৰ নিৰ্দেশত অগ্নি-৩ মিছাইলে নিৰ্দিষ্ট লক্ষ্যত খুন্দা মাৰিছে।
সেনাৰ সূত্ৰ অনুসৰি, ১৭ মিটাৰ দীঘল, ২ মিটাৰ ব্যাসৰ ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ বেলিষ্টিক মিছাইলটোৱে ডেৰ টন ওজনৰ পাৰমাণৱিক অস্ত্ৰৰে চাৰে তিনি হাজাৰ কিলোমিটাৰ দূৰত্বত লক্ষ্যত আঘাত কৰিব পাৰে।
ইয়াৰ পূৰ্বে ষ্ট্ৰেটেজিক ফ’ৰ্চ কমাণ্ডে অগ্নি-৩ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা ছয়বাৰতকৈ অধিক সফলতাৰে পৰীক্ষা কৰিছে। ৰাতিৰ আন্ধাৰতো এই ক্ষেপণাস্ত্ৰই সফলতাৰে লক্ষ্য কৰি লোৱাৰ ক্ষমতা প্ৰমাণ কৰিছে। চীন আৰু পাকিস্তানৰ বিশাল অঞ্চল অগ্নি-৩ৰ ৰেঞ্জত আছে। ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ দ্বাৰা নিৰ্মিত প্ৰথম অগ্নি ছিৰিজৰ ক্ষেপণাস্ত্ৰ নব্বৈৰ দশকত ভাৰতীয় সেনাৰ হাতলৈ আহিছিল।
ডি আৰ ডি অʼৱে এই ছিৰিজৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ অগ্নি-৫ (৫,০০০ কিলোমিটাৰ দূৰত্বৰ ৰেঞ্জ)ও সফলতাৰে পৰীক্ষা কৰিছে। ওড়িশাৰ উপকূলত নতুন সংস্কৰণ ‘অগ্নি প্ৰাইমʼৰ লঞ্চ টেষ্ট যোৱা মাহত সফল হৈছিল। ২০০০ কিলোমিটাৰ দূৰত্বৰ অগ্নি প্ৰাইমৰ ওজন অগ্নি-৩ৰ প্ৰায় আধা।