মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)য়ে ৭১ হাজাৰ চৰকাৰী চাকৰিৰ (71,000 government jobs) নিযুক্তি পত্ৰ বিতৰণ (Distribution of Appointment Letters) কৰে। কেন্দ্ৰীয় চৰকাৰৰ ‘ৰোজগাৰ মেলাʼ (‘Rozgar Mela’)ৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে ভিডিও কনফাৰেন্সৰ জৰিয়তে চাকৰি প্ৰত্যাশী (Job seeker)সকলক নিযুক্তি পত্ৰ প্ৰদান কৰে।
মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিও কনফাৰেন্স (Video Conference)ৰ জৰিয়তে নিযুক্তি পত্ৰ বিতৰণ কৰে। একে সময়তে দেশৰ ৪৫ টা স্থানৰ পৰা নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। অৱশ্যে ইয়াৰ ব্যতিক্ৰম আছিল গুজৰাট আৰু হিমাচল প্ৰদেশ। এই দুখন ৰাজ্যত বলবৎ হৈ আছে নিৰ্বাচনী আচৰণ বিধি।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (পিএমঅ’) সূত্ৰ অনুসৰি, এই কাম নিয়োগৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিত্তিত কৰা হৈছে। ইয়াৰ ফলত বহু কৰ্মসংস্থাপনৰ সৃষ্টি হʼব। যিয়ে শেষত পোনপটীয়াকৈ দেশৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব।
যোৱা অক্টোবৰ মাহতো চাকৰি প্ৰত্যাশীসকলৰ হাতত ৭৫ হাজাৰ নিয়োগ পত্ৰ প্ৰদান কৰা হৈছিল। উল্লেখ্য, চলিত বৰ্ষৰ জুন মাহত মোদীয়ে বিভিন্ন চৰকাৰী বিভাগক আগন্তুক ডেৰ বছৰৰ ভিতৰত ‘মিছন মোডʼত ১০ লাখ লোকক নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল। তাৰে অংশ হিচাপে চৰকাৰী কাৰ্যালয়ত খালী পদ পূৰণৰ বাবে ‘ৰোজগাৰ মেলাʼৰ জৰিয়তে প্ৰচাৰ অভিযান চলায়।
কৰ্মসংস্থাপনৰ সন্দৰ্ভত বিৰোধীৰ প্ৰবল হেঁচাত পৰিবলগা হৈছে কেন্দ্ৰীয় চৰকাৰ। ২০১৪ চনত যেতিয়া মোদী ক্ষমতালৈ আহিছিল, তেতিয়া তেওঁৰ প্ৰচাৰ অভিযানত তেওঁ প্ৰতি বছৰে লাখ লাখ চাকৰিৰ সৃষ্টি কৰিব বুলি দাবী কৰিছিল। কিন্তু যেতিয়া কৰ্মসংস্থাপন হ্ৰাস পায় তেতিয়া বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তেওঁৰ প্ৰতিশ্ৰুতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে।
এতিয়ালৈকে ভাৰতৰ লোকসভা বা বিধানসভা নিৰ্বাচনত কৰ্মসংস্থাপন এটা ডাঙৰ বিষয় হৈ পৰা নাই। কিন্তু যুৱ নিবনুৱা সমস্যা যে গুৰুতৰ চিন্তাৰ বিষয় তাত কোনো মতানৈক্য নাই। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীয়ে ৭১ হাজাৰ লোকক চৰকাৰী চাকৰি নিযুক্তি পত্ৰ প্ৰদান কৰে।