ASSAM TIMES POST
ডিফু : সদৌ গোলাঘাট জিলা ছাত্ৰ সংস্থা আৰু ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি, গোলাঘাটৰ উদ্যোগত প্ৰদান কৰা ড° ভূপেন হাজৰিকা সংহতি বঁটাপ্ৰাপক কাৰ্বি লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক, সাহিত্যিক লুন্ছে তিমুঙক আজি বিয়লি ৩ বজাত ডিফুৰ ৰাংছিনা ভৱনত সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে সদৌ গোলাঘাট ছাত্ৰ সন্থা, ড° ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত যোৱা ৫ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ড° ভূপেন হাজৰিকা স্মৃতি দিৱস আয়োজন কৰা হৈছিল৷
এই স্মৃতি দিৱসতে কাৰ্বি লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক, সু সাহিত্যিক লুন্ছে তিমুঙক ২০১৯ চনৰ ড° ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান কৰা হয়৷ আনহাতে এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল৷ বিশিষ্ট গৱেষক, সু সাহিত্যিক লুন্ছে তিমুঙক এই বঁটা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ভীমকান্ত বৰুৱাই৷ উল্লেখ্য যে আজি কাৰ্বি লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক, সু সাহিত্যিক লুন্ছে তিমুঙক কাৰ্বি আংলঙৰ দহটা সংগঠনে সম্বৰ্দ্ধনা জনায়৷