![]()
উত্তৰাখণ্ডৰ আয়ুৰ্বেদ আৰু ইউনানী লাইচেন্সিং অথৰিটিয়ে ৰামদেৱৰ দিব্য ফাৰ্মাচীৰ দ্বাৰা নিৰ্মিত ৫টা ঔষধৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয়। শনিবাৰে পূৰ্বৰ গাইডলাইন সংশোধন কৰি জাৰি কৰা হয় নতুন গাইডলাইন। তাত কোৱা হৈছে যে ৰামদেৱৰ কোম্পানীয়ে সেই ৫ টা ঔষধৰ উৎপাদন অব্যাহত ৰাখিব পাৰে।
চৰকাৰৰ নতুন গাইডলাইনত পূৰ্বৰ গাইডলাইনত হোৱা ভুল স্বীকাৰ কৰা হৈছে। নতুন নিৰ্দেশনাত কোৱা হৈছে, “উৎপাদন বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পূৰ্বে আমি কোম্পানীটোক নিজৰ গোচৰ দাখিল কৰাৰ সুযোগ দিব লাগিছিল।” নতুন নিৰ্দেশনাত চৰকাৰী বিষয়াগৰাকীয়ে লগতে কয় যে জাননী জাৰি কৰাত অতিৰিক্ত খৰখেদা কৰা হৈছে। পিছত ৰামদেৱৰ সংগী বালকৃষ্ণই টুইটযোগে উত্তৰাখণ্ড চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। উত্তৰাখণ্ড চৰকাৰে এই ভুল মানি লৈছে বুলিও তেওঁ টুইট কৰে।
উল্লেখ্য, যোৱা ৯ নৱেম্বৰত ৰামদেৱৰ কোম্পানীক নিৰ্দিষ্ট অভিযোগৰ পিছত মধুমেহ, ব্লাড প্ৰেচাৰ, গোৱাত্ৰ, গ্লুকোমা আৰু হাই কলেষ্টেৰল ঔষধ প্ৰস্তুত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। তিনিদিনৰ ভিতৰতে প্ৰত্যাহাৰ কৰা হয় নিষেধাজ্ঞা।
যোৱা জুলাই মাহত কেৰালাৰ চিকিৎসক কে ভি বাবুৱে অভিযোগ কৰিছিল যে ৰামদেৱৰ কোম্পানীয়ে ১৯৫৪ চনৰ ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ (আপত্তিজনক বিজ্ঞাপন) আইন আৰু ১৯৪০ চনৰ ড্ৰাগছ এণ্ড কছমেটিকছ আইন উলংঘা কৰি এই ঔষধ বিক্ৰী কৰিছে। এই সন্দৰ্ভত বাবুৱে ১১ অক্টোবৰত পুনৰ এজাহাৰ দাখিল কৰে।
৯ নৱেম্বৰত উক্ত ঔষধৰ উৎপাদন বন্ধ কৰাৰ উপৰি সংবাদ মাধ্যমৰ পৰা আনুষংগিক সকলো বিজ্ঞাপন বন্ধ কৰিবলৈও চৰকাৰে নিৰ্দেশ জাৰি কৰিছিল। শনিবাৰে উত্তৰাখণ্ড চৰকাৰে প্ৰত্যাহাৰ কৰে এই নিষেধাজ্ঞা।












