লৰেন্স বিষ্ণয় জে’লত যদিও মহাৰাষ্ট্ৰ চৰকাৰে কোনো ধৰণৰ সুৰক্ষাৰ গাফিলতি কৰিব বিচৰা নাই। সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ পিছত ছলমান খানক ৱাই প্লাছ কেটেগৰীত নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লয়। এই সময়ৰ পৰা কমাণ্ডোকে ধৰি ১২ জন আৰক্ষী জোৱান শ্বেৰাৰ লগতে দিনে-নিশাই ছলমানৰ লগত থাকিব।
এতিয়ালৈকে ছলমানক এক্স কেটেগৰী নিৰাপত্তা প্ৰদান কৰিছিল মহাৰাষ্ট্ৰ চৰকাৰে। এইবাৰ ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ একনাথ শিণ্ডে চৰকাৰে অভিনেতা অক্ষয় কুমাৰ আৰু অনুপম খেৰক এক্স কেটেগৰী নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য, যোৱা মে’ মাহত হত্যা কৰা হৈছিল সিদ্ধু মুছেৱালাক।
ইয়াৰ পিছতে জুলাই মাহত ছলমানৰ পিতৃ চেলিম খানে এখন ভাবুকি পত্ৰ লাভ কৰিছিল। তেওঁ প্ৰাত ভ্ৰমণলৈ গৈছিল মুম্বাইৰ বান্দ্ৰালৈ। তাতে তেওঁ জিৰণি লʼবলৈ চকী এখনত বহে। তাতে তেওঁ ভাবুকি পত্ৰখন পাইছিল।
তাত লিখা আছিল, “মই সিদ্ধু মুছেৱালাৰ লগত যি কৰিলোঁ, চেলিম খান আৰু ছলমান খান, আপোনালোকৰ লগতো অতি সোনকালেই কৰিম।” চিঠিখনৰ তলত লিখা আছিল এল বি (লৰেন্স বিষ্ণয়) আৰু জি বি (গল্ডি ব্ৰাৰ)। লৰেন্সৰ কানাডাৰ সমকক্ষ হৈছে গোল্ডি।
যোৱা মাহত দিল্লী আৰক্ষীয়েও দাবী কৰিছিল যে লৰেন্সৰ দলৰ সদস্যই ছলমানৰ ফাৰ্ম হাউচৰ শ্ৰমিকৰ লগত বন্ধুত্ব কৰিছিল। তেওঁলোকে সেই শ্ৰমিকসকলৰ পৰাই ছলমানৰ দৈনন্দিন কাম-কাজ জানিব বিচাৰিছিল। অৱশ্যে লৰেন্স ছাফে কয় যে তেওঁ বা তেওঁৰ দলটোৱেও ছলমানক ভাবুকি দিয়া নাছিল।
সিদ্ধু হত্যাকাণ্ডৰ গোচৰত যোধপুৰ আদালতত হাজিৰ হʼবলৈ যাওঁতে তেওঁ কয় যে বিষ্ণয়ে কৃষ্ণসাৰ পূজা কৰে। সেই কৃষ্ণ মৃগক চিকাৰ কৰি ছলমানে সমগ্ৰ বিষ্ণয় সম্প্ৰদায়ক আঘাত দিছে। উল্লেখ্য, ইতিমধ্যে এই ব্লেকবাক চিকাৰৰ গোচৰত চেলিম-পুত্ৰক দোষমুক্ত কৰা হৈছে। গোচৰৰ সময়তো তেওঁক বিষ্ণয় গোষ্ঠীয়ে ভাবুকি দিয়াৰ অভিযোগ।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ মহাৰাষ্ট্ৰ চৰকাৰে ছলমানৰ নিৰাপত্তা বৃদ্ধি কৰিছে। নায়কজনৰ ব্যক্তিগত গাৰ্ড গুৰমীত সিং ওৰফে শ্বেৰাই ইমান দিনে সেই দায়িত্ব চম্ভালিছিল। ছলমানৰ দৰে তেৱোঁ বলীউডত এটা পৰিচিত নাম।