এইবাৰ ব্ৰিটেইনৰ প্ৰথম এছিয়ান প্ৰধানমন্ত্ৰীৰ ‘মূলʼক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিধাদ্বন্দ্বৰ সৃষ্টি হৈছে। কনজার্ভেটিভ দলৰ সংখ্যাগৰিষ্ঠ সাংসদৰ সমৰ্থনত সোমবাৰে ঋষিক ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পিছতে তেওঁৰ পৰিয়ালৰ ‘ভাৰত-যোগʼক লৈ বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
মঙলবাৰে আৰু এক দাবী উত্থাপন হয়। লগতে সোঁৱৰাই দিয়া হৈছে যে ঋষি ঠাকুৰৰ ককাক আচলতে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ বাসিন্দা আছিল।১৯৪৭ চনত ভাৰত বিভাজনৰ বহু আগতেই ঋষিৰ ককাক পাঞ্জাবী ক্ষত্ৰিয় জনগোষ্ঠীৰ ৰামদাস চুনকে দেশ এৰি থৈ গৈছিল। বৰ্তমানৰ পাক পঞ্জাবৰ গুজৰাণৱালাৰ পৰা চাকৰি লৈ ১৯৩৫ চনত কেনিয়াৰ নাইৰোবিলৈ গুচি যায়। প্ৰসংগক্ৰমে তেওঁ দেশ এৰি যোৱাৰ কিছুদিন পূৰ্বে গুজৰণৱালাত এক বৃহৎ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল।
ৰামদাসৰ পত্নী সুহাগ্ৰানী অৱশ্যে সেই সময়ত দিল্লীলৈ গুচি গৈছিল। ১৯৩৭ চনত তেওঁ কেনিয়ালৈ যায়। পিছত দুয়ো ব্ৰিটেইনলৈ যায়। ঋষিৰ পিতৃ যশবীৰৰ জন্ম হৈছিল কেনিয়াত। ব্ৰিটেইনত চিকিৎসক আছিল। মা ঊষা আছিল এগৰাকী ফাৰ্মাচিষ্ট। তেওঁৰ পৰিয়ালেও দক্ষিণ আফ্ৰিকাৰ পৰা ব্ৰিটেইনত বসতি স্থাপন কৰে। এনে অৱস্থাত ঋষিৰ ‘পাক-যোগʼক লৈ ইতিমধ্যে ছচিয়েল মিডিয়াত বিভিন্ন দাবী আৰু প্ৰতিদাবীৰ আৰম্ভ হৈছে৷