ASSAM TIMES POST
নতুন দিল্লীঃ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী, প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী আৰু শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বৰ্তমানে লাভ কৰি থকা বিশেষ সুৰক্ষা বাহিনী চমুকৈ এছপিজিৰ নিৰাপত্তা আঁতৰ কৰিবলৈ আগবাঢিছে কেন্দ্ৰীয় চৰকাৰ। উক্ত সৰ্বোচ্চ নিৰাপত্তা আঁতৰ কৰি তিনিওকে জেদ-প্লাছ নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই। জানিবপৰা মতে, শীঘ্ৰেই তেওঁলোকক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰদ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডোৱে নিৰাপত্তা প্ৰদান কৰিব। দেশৰ চোৰাংচোৱা সংস্থাসমূহে কেন্দ্ৰক তিনিওৰে প্ৰতি কোনো ধৰণৰ ভাবুকি নাই বুলি কোৱাতে এই সিদ্ধান্ত ল’বলৈ গৈ আছে কেন্দ্ৰই। এই কথাক ইতিমধ্যে সমালোচনা কৰিছে কংগ্ৰেছে। ইয়াক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ষড়যন্ত্ৰ আখ্যা দি কংগ্ৰেছৰ এটা সূত্ৰই কয় যে প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধী নিৰাপত্তাৰ শিথিলতাৰ বাবেই নিহত হৈছিল।











