
তেলেংগানাত (Telangana) সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত (bus tragedy) ৬ জন যাত্ৰীৰ মৃত্যু (6 passengers died) হয়। লগতে বহু লোক আহত হয়। ৰাজ্যখনৰ সূৰ্যপেট জিলাৰ হায়দৰাবাদ-বিজয়াৱাড়া ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱা সংঘটিত হয় এই ঘটনা।
জানিব পৰা মতে, পুৱা প্ৰায় ৪.৩০ বজাত হায়দৰাবাদৰ পৰা এলুৰুলৈ গৈ আছিল এখন বাছ। ৰাষ্ট্ৰীয় ঘাইপথত হায়দৰাবাদৰ পৰা বিজয়াৱাড়ালৈ গৈ থকা বাছখনে পথৰ কাষত ৰখাই থোৱা লোহাৰ ৰডভৰ্তি ট্ৰাক এখনৰ পিছফালে খুন্দা মাৰে। ট্ৰাকখনত থকা লোহাৰ ৰড বাছখনৰ ভিতৰত সোমাই কেইবাজনো যাত্ৰী নিহত তথা আহত হয়।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বাছখনৰ সন্মুখৰ আসনত বহি থকা ছয়জন যাত্ৰীৰ বুকু আৰু পেটৰ ইফাল-সিফাল হৈ যায় লোহাৰ ৰড। থিতাতে মৃত্যু হয় তেওঁলোকৰ। আহত হৈছে ১২ জনতকৈ অধিক লোক। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক। নিহতসকলৰ ভিতৰত পাঁচগৰাকী মহিলা। প্ৰথম অৱস্থাত আৰক্ষীয়ে জানিব পাৰে যে ট্ৰাকখনৰ তাৰ পূৰ্বে দুৰ্ঘটনা সংঘটিত হৈছিল। ডিভাইডাৰত খুন্দা মাৰি তাতেই ৰখি গৈছিল। বাছ চালকজনে একো ধৰিব নোৱাৰি পোনে পোনে ট্ৰাকখনৰ পিছফালে গৈ খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৪২ জন যাত্ৰী আছিল।
তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো সমস্যা নহয় তাৰ নিৰ্দেশ দিয়ে।











