
সমগ্ৰ জীৱন কৰ্ণাটকৰ মাণ্ড্যাৰ (Mandya of Karnataka) ৰাজপথত ভিক্ষা খুজি কটোৱা এগৰাকী বৃদ্ধাৰ মৃত্যুৰ (Death of an old beggar) পিছত তেওঁৰ ভাড়াঘৰৰ পৰা (From rented house) লাখ লাখ টকা উদ্ধাৰ (found lakhs of rupees) কৰা হয়। ১০, ২০, ৫০ টকীয়া নোট আৰু মুদ্ৰা ৩০টা মোনাত ভৰাই ৰখা হৈছিল।
৬৮ বছৰীয়া হুৰ উনিছা পূৰ্বতে ভগ্নীৰ সৈতে ভাড়াঘৰত বাস কৰিছিল। দুয়ো ভগ্নীয়ে ৰাজপথত ভিক্ষা খুজিছিল। দুয়োৰে বিয়া হোৱা নাছিল। দুবছৰ পূৰ্বে হুৰৰ ভনীয়েকৰ মৃত্যু হৈছে।

তেতিয়াৰে পৰাই হুৰে ভাড়াঘৰটোত অকলে আছিল। দেওবাৰে তাৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ মৃতদেহ। বয়সজনিত ৰোগত আক্ৰান্ত হোৱাৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
হুৰৰ মৃত্যুৰ পিছত দেওবাৰে চুবুৰীয়া তেওঁৰ ঘৰলৈ যায়। তাত গৈ তেওঁলোকে দেখে যে তাত কমেও ৩০টা বস্তা পৰি আছে। খুলি চাওঁতেই নোটৰ বাণ্ডিল আৰু শ শ মুদ্ৰা ওলাই পৰে। গণনা কৰি ইয়াৰ মূল্য প্ৰায় ৮ লাখ ৪০ হাজাৰ টকা বুলি ধৰা পৰে। স্থানীয় ৰাইজে হুৰৰ দুই ভাতৃৰ হাতত এই ধন গতাই দিয়ে। এজন ভাতৃক ৬ লাখ টকা, আন এজনক ২ লাখ ৪০ হাজাৰ টকা দিয়ে। দ্বিতীয় ভাতৃয়ে এই টকাখিনি এটা মছজিদলৈ দান কৰে।













