
মহাৰাষ্ট্ৰৰ আমৰাৱতীৰ (Amravati in Maharashtra) এখন চিকিৎসালয়ত সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা (Accident at the hospital)। পুৱাৰ ভাগত সংঘটিত অগ্নিকাণ্ডত ৩ নৱজাতকৰ মৃত্যু (3 newborns died in a fire) হয়। আন কেইবাজনো আহত হয়। জানিব পৰা মতে, চিকিৎসালয়খনৰ শিশু ৱাৰ্ডৰ সন্মুখত ভেন্টিলেটৰ বিস্ফোৰণ হৈ জুই ক্ষীপ্ৰতাৰে অন্য ঠাইত বিয়পি পৰে। সেই সময়ত চিকিৎসালয়খনৰ ৱাৰ্ডটোত মুঠ ৩৯টা শিশু চিকিৎসাধীন হৈ আছিল। তাৰে তিনিটা শিশুক বচাব পৰা নগ’ল।
সোমবাৰে পুৱা প্ৰায় ৩.৩০ বজাত অমৰাৱতী জিলা মহিলা চিকিৎসালয়ৰ চতুৰ্থ মহলাত হঠাতে ভেণ্টিলেটৰ বিস্ফোৰণ ঘটে। চিকিৎসালয়খনৰ বিশেষ নৱজাতক ইউনিটৰ (এছএনচিইউ) সন্মুখত আছিল ভেণ্টিলেটৰ। ফলত ক্ষীপ্ৰতাৰে শিশু ৱাৰ্ডলৈ জুই বিয়পি পৰে। জুইত ভয়াৱহভাৱে জ্বলাৰ ফলত ৩ নৱজাতকৰ মৃত্যু হয়।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীয়ে শিশু ৱাৰ্ডলৈ যায়। খৰধৰকৈ শিশুকেইটাক উলিয়াই আনিবলৈ চেষ্টা কৰে। চিকিৎসা সঁজুলিৰ বিদ্যুৎ যোগান বিচ্ছিন্ন হৈ পৰে। যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ কাম অব্যাহত ৰাখে। অৱশ্যে ছয়টা শিশুৰ অৱস্থা সংকটজনক। জুইৰ ধোঁৱা আৰু গৰমৰ বাবে অসুস্থ হৈ পৰিছে। তেওঁলোকক ওচৰৰ চুপাৰ স্পেচিয়েলিটি হস্পিতাললৈ স্থানান্তৰ কৰা হৈছে।
পুৱাৰ ভাগত উপায়ুক্তকে ধৰি উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ভেন্টিলেটৰটো কেনেকৈ বিস্ফোৰণ হ’ল, কেনেকৈ জুই বিয়পি পৰিল, কোনো ধৰণৰ গাফিলতি হৈছে নেকি, সেই বিষয়ে তদন্ত চলি আছে। সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, অমৰাৱতী চিকিৎসালয় কৰ্তৃপক্ষই উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। কাৰ গাফিলতিৰ বাবে এই দুৰ্যোগৰ সৃষ্টি হ’ল আৰু সময়োপযোগী ব্যৱস্থা ল’ব পৰা গ’লহেঁতেন নেকি সেয়া তদন্ত কৰি চোৱা হ’ব।











