
আকস্মিক বানত বিধ্বস্ত উত্তৰ নেপালৰ ৰসুৱা জিলা (Rasuwa District of Nepal)। বুধবাৰে পুৱা চীনৰ সীমান্তৱৰ্তী জিলাখনত হঠাৎ নামি আহে আকস্মিক বান (Sudden flood)। ইয়াৰ ফলত এক বিশাল অঞ্চলৰ ক্ষতিসাধন হয়। ঘৰ-বাৰী, বজাৰ-হাট, বহু গাড়ী বানে উটুৱাই লৈ । ৰসুৱা জিলাৰ এটা জলবিদ্যুৎ প্ৰকল্পও ক্ষতিগ্ৰস্ত হয়। ক্ষয়-ক্ষতিৰ পৰিসৰ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে ব্যাপক হতাহতিৰ আশংকা কৰিছে ৰসুৱা জিলা প্ৰশাসনে। প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে কমেও ৮ জন লোকৰ মৃত্যু (8 people died) হোৱাৰ খবৰ পোৱা গৈছে।
কাঠমাণ্ডুৰ পৰা প্ৰায় ১২৫ কিলোমিটাৰ নিলগত অৱস্থিত ৰসুৱাত প্ৰায় ৫০ হাজাৰ লোকে বাস কৰে। এই জিলাৰ মাজেৰে ভোটেকোশী নদী তিব্বতৰ পৰা নেপাললৈ বৈ যায়। বুধবাৰে পুৱা ৯ বজাত হঠাৎ বৃদ্ধি পালে নদীখনৰ জলপৃষ্ঠ। স্থানীয় কৰ্তৃপক্ষই অনুমান কৰিছে যে তিব্বতৰ ফালৰ পৰা বানৰ পানী প্ৰৱেশ কৰিছে। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, চীনৰ সীমান্তৱৰ্তী টাইমুৰ আৰু ছিয়াব্ৰুবেছি অঞ্চল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।
তিব্বততো বানে ক্ষতিসাধন কৰে। চীন কৰ্তৃপক্ষই দাবী কৰিছে যে নেপালত হোৱা আকস্মিক বানে তিব্বতৰ গাইৰং প্ৰদেশতো প্ৰভাৱ পেলাইছে। চীনৰ সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি, দুৰ্যোগৰ বাবে তাতো বহু লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।
ৰসুৱাৰ জিলা দণ্ডাধীশ নগেন্দ্ৰ পাৰিয়াৰে ৰয়টাৰক জনোৱা মতে, কেইবাখনো গ্ৰামাঞ্চল নদীত জাহ যোৱাৰ খবৰ পোৱা গৈছে। তেওঁ কয়, “প্ৰচুৰ সম্পত্তিৰ ব্যাপক ক্ষতি আৰু বহু হতাহতি হোৱাৰ সম্ভাৱনা আছে। কিন্তু বৰ্তমান আমি নিশ্চিতভাৱে একো ক’ব নোৱাৰো।” পিছত নেপাল আৰক্ষীয়ে কমেও ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে। এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান।

নেপালত প্ৰৱেশ কৰাৰ পিছত ভোটেকোশী নদী ত্ৰিশূলী নদীৰ লগত মিলি যায়। এই দুৰ্যোগৰ বাবে স্থানীয় কৰ্তৃপক্ষই ত্ৰিশূলী নদীৰ কাষৰীয়া অঞ্চলসমূহতো সতৰ্কবাণী জাৰি কৰিছে। নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৰসুৱা, নুৱাকোট, ধাডিং, চিতৱান আৰু গোৰ্খা অঞ্চলৰ নদীৰ পাৰৰ বাসিন্দাসকলক সজাগ হ’বলৈ কয়। নদীৰ পাৰৰ পৰা অহা লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
অৱশ্যে ৰসুৱাৰ জিলা প্ৰশাসনে জনোৱা মতে, মঙলবাৰে নিশা বা বুধবাৰে পুৱা বৰষুণ হোৱা নাছিল। কিন্তু নদীখনৰ ওপৰৰ অৱবাহিকাৰ ক’ৰবাত হিমবাহ-হ্ৰদ বিস্ফোৰণ হৈছে নেকি, সেয়া এতিয়াও প্ৰশাসনৰ বাবে স্পষ্ট নহয়।
বুধবাৰে পুৱা আকস্মিক বানৰ পিছত নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে। তেওঁ উদ্ধাৰকাৰ্যৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলত সেনা আৰু আৰক্ষীক মোতায়েন কৰাৰ নিৰ্দেশ দিয়ে। লগতে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসক আৰু এম্বুলেন্সৰ এটা দল ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে হেলিকপ্টাৰো সাজু কৰি ৰখা হৈছে।
পোহৰলৈ অহা বিভিন্ন ভিডিঅ’ত দেখা গৈছে যে বোকা মিহলি পানীয়ে প্ৰচণ্ড সোঁতৰ সৈতে নদীত প্ৰৱেশ কৰিছে। সোঁতৰ ফলত ঘৰ ভাঙিছে। কেইবাটাও ভিডিঅ’ত গাড়ী উটুৱাই লৈ যোৱাও দেখা গৈছে। নেপালৰ সেনাই এক বিবৃতিত কয় যে বানপানীয়ে টাইমুৰ আৰু ছিয়াব্ৰুবেছি অঞ্চলত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ৰসুৱাৰ শুল্ক বিভাগৰ এজন বিষয়া ৰাজেন্দ্ৰ ধুংগনাই জনোৱা মতে, কাৰ্যালয় চৌহদৰ ভিতৰত ৰখাই থোৱা কেইবাখনো গাড়ী সোঁতে উটুৱাই লৈ যায়। তাত এখন দলং নিৰ্মাণ কৰা হৈছিল। সেইখনো ভাঙি গৈছে বুলি তেওঁ জনায়। আনহাতে, নেপালৰ বান পৰিস্থিত সন্দৰ্ভত বিহাৰতো সতৰ্কবাণী জাৰি কৰা হৈছে।











