ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্য, দলটোৰ সুদীৰ্ঘ সময়ৰ সভাপতি, প্ৰাক্তন উপ প্ৰধান মন্ত্ৰী লালকৃষ্ণ আদৱানিয়ে শুকুৰবাৰৰ দিনটোত ৯২ বছৰ বয়সত ভৰি দিয়ে। এই শুভ দিনটোত আদৱানিক শুভেচ্ছা জনাবলৈ তেওঁৰ নতুন দিল্লীস্থিত বাসগৃহত উপস্থিত হয়গৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধান মন্ত্ৰীজনে তেওঁক ওপজা দিনৰ ওলগ জনাই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। আদৱানিক শুভেচ্ছা জনাবলৈয়ে মোডীৰ সৈতে তেওঁৰ বাসগৃহত উপস্থিত হয়গৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু। প্ৰধান মন্ত্ৰীয়ে বাসগৃহলৈ যোৱাৰ পূৰ্বে টুইটাৰযোগে এলকে আদৱানিৰ ৰাষ্ট্ৰ নিৰ্মাণত বহুমূলীয়া অৱদানৰ কথা সোঁৱৰণ কৰে।











